সম্পাদকীয় : সমাগত ৰঙালী বিহু
জুবিন গার্গ কেৱল এজন গায়ক নাছিল, তেওঁ আছিল বর্তমানৰ নতুন প্রজন্মৰ অনুভৱৰ সৈতে নিবিড়ভাৱে জড়িত এজন শিল্পী, এক পৰিচিত কণ্ঠ, এক আপোন সুৰ৷ বিশেষকৈ বিহুৰ অনুষ্ঠানসমূহত তেওঁৰ উপস্থিতি আছিল এক অনিবার্য আকর্ষণ
অসমীয়া জনজীৱনত ৰঙালী বিহুৱে অধিকাৰ কৰি থকা ঠাইক আন একো উদাহৰণেৰে বাখ্যা কৰিব নোৱাৰি৷ বসন্তৰ আগমনত শুকান মাটিত পৰা বৰষুণৰ টোপালে জন্ম দিয়া গোন্ধ আৰু মানুহৰ মনৰ আনন্দ একেলগ হৈ এই উৎসৱক বিশেষ কৰি তোলে৷
ৰঙালী বিহু মানেই আনন্দ, নৃত্য, গীত, মিলন আৰু নতুন আশাৰ উৎসৱ৷ কিন্তু এইবাৰ বিহুৰ এই উল্লাসৰ ওপৰত আংশিক নীৰৱতাৰ এটা ছাঁ পৰিছে৷ এই ছাঁৰ প্রভাৱ গভীৰ, অনুভৱযোগ্য আৰু অনিবার্য৷
বিহুৰ প্রস্তুতিৰ সময়ছোৱাতে ৰাজ্যত চলিছে বিধানসভা নির্বাচনৰ বিভিন্ন কাম–কাজ৷ সাধাৰণতে ৰাজহুৱা কামত আগভাগ লোৱা বহুসংখ্যক ব্যক্তি এই নির্বাচনৰ বিভিন্ন কামত বিশেষভাৱে ব্যস্ত হৈ পৰিবলগীয়া হৈছে৷
ঠিক তেনেদৰে চৰকাৰী চাকৰিয়াল, শিক্ষক আদিও নির্বাচনী দায়িত্বত ব্যস্ত হৈ পৰিছে৷ সেয়ে বিহুৰ আয়োজন কৰা মানৱ শক্তিৰ পৰিমাণ এই বিহুৰ বাবে কমি গৈছে৷ ফলস্বৰূপে সাধাৰণতে দেখা পোৱা বিহুৰ প্রস্তুতিৰ উচ্ছ্বলতা কিছু স্তিমিত হৈ পৰিছে৷
নির্বাচনৰ সময়ৰ ৰাজনৈতিক ব্যস্ততা, আচাৰ–সংহিতাৰ বিধি–নিষেধ আৰু প্রশাসনিক ব্যৱস্থাৰ ফলত বহু ঠাইত বিহুৰ অনুষ্ঠান আগৰ দৰে জাকজমক ৰূপত আয়োজন কৰা সম্ভৱ হোৱা নাই৷ যি সময়ত গাঁও–চহৰ বিহু গীত–নৃত্যৰ ধ্বনিৰে গুঞ্জৰিত হৈ উঠাৰ কথা আছিল এইবাৰ তাত এক অভাৱনীয় নীৰৱতাই বিৰাজ কৰিছে৷
নির্বাচনৰ লগতে আন এটি কাৰকেও এই বিহুৰ নীৰৱতাত সংযোগ ঘটাইছে৷ সংগীত শিল্পী জুবিন গার্গৰ আকস্মিক মৃত্যুৰ খবৰ আৰু তাৰ পাছৰ সময়ছোৱাৰ উৎকণ্ঠা আৰু অসহায়তাই নতুন প্রজন্মৰ হৃদয়ত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে৷
জুবিন গার্গ কেৱল এজন গায়ক নাছিল, তেওঁ আছিল বর্তমানৰ নতুন প্রজন্মৰ অনুভৱৰ সৈতে নিবিড়ভাৱে জড়িত এজন শিল্পী, এক পৰিচিত কণ্ঠ, এক আপোন সুৰ৷ বিশেষকৈ বিহুৰ অনুষ্ঠানসমূহত তেওঁৰ উপস্থিতি আছিল এক অনিবার্য আকর্ষণ৷
বিগত দুটা দশকত তেওঁ বিহুৰ সাংস্কৃতিক মঞ্চক এক নতুন ৰূপ দিছিল৷ বিহু উপলক্ষে আয়োজন কৰা সংগীত অনুষ্ঠানবোৰক তেওঁ নিজস্ব পৰিৱেশনশৈলীৰে সংগীতৰ এক বিশেষ অনুষ্ঠান কৰি তুলিছিল আৰু সেইবোৰে বিশেষকৈ যুৱপ্রজন্মৰ মাজত অভূতপূর্ব জনপ্রিয়তা অর্জন কৰিছিল৷
বহু গাঁও–চহৰত বিহুৰ অনুষ্ঠান মানেই আছিল জুবিন গার্গৰ গান৷ তেওঁৰ মৃত্যুৰ পাছত এইবাৰ কেইবাখনো বিহু উদযাপন সমিতিয়ে বিহুৰ বৃহৎ অনুষ্ঠান বাতিল কৰি অনুষ্টুপীয়াকৈ আয়োজন কৰাৰ সিদ্ধান্ত লৈছে৷ এই সিদ্ধান্ত কেৱল আনুষ্ঠানিক শোক জ্ঞাপন নহয়, ই এক শিল্পীৰ প্রতি জনসাধাৰণৰ গভীৰ মৰম আৰু শ্রদ্ধাৰ স্বতঃস্ফূর্ত প্রকাশ৷
এই পৰিস্থিতিৰ মাজতো স্বাভাৱিকভাৱেই এটা প্রশ্ন উঠাটো স্বাভাৱিক– এনেদৰে বিহুৰ উল্লাস–আনন্দ থমকি ৰৈ যাব নেকি? এগৰাকী শিল্পীৰ অনুপস্থিতিয়ে বিহু উদযাপন বন্ধ কৰি দিব নেকি? এই প্রশ্নৰ উত্তৰটো স্পষ্ট– নাযায়৷
বিহু অসমৰ আত্মা৷ এই ডৎসৱ কেৱল মঞ্চৰ অনুষ্ঠান বা বৃৃহৎ সংগীতানুষ্ঠানত সীমাবদ্ধ নহয়৷ বিহুৰ মূল শক্তি গাঁৱৰ মাটিত, মানুহৰ হৃদয়ত আৰু একেলগে মিলি আনন্দ কৰাৰ চিৰন্তন সংস্কৃতিত নিহিত৷
বিগত কিছু বছৰত বিহুৰ অনুষ্ঠানসমূহ ক্রমে বৃহৎ মঞ্চ, প্রযুক্তিৰ চমক আৰু তাৰকা সংগীতানুষ্ঠানৰ ওপৰত অধিক নির্ভৰশীল হৈ পৰিছিল৷ এই পৰিৱর্তনে বিহুৰ আনন্দক বিস্তৃত কৰিলেও উৎসৱৰ মূল সৰলতা আৰু আবেদনক পিছফাললৈ ঠেলি দিছিল৷
এইবাৰ হয়তো সেই সৰল, লোকায়ত ৰূপলৈ ঘূৰি চোৱাৰ এক সুযোগ আহিছে৷ বিহু মানে কেৱল তাৰকা শিল্পীৰ অনুষ্ঠান নহয়৷ বিহু মানে এটা স্বাভাৱিক মিলন আৰু সৰল আনন্দৰ অনুষ্ঠান৷ এই সৰল আনন্দবোৰ কোনো মঞ্চ বা কোনো তাৰকা শিল্পীৰ ওপৰত নির্ভৰশীল হোৱা উচিত নহয়৷
দুটা দশক ধৰি বিহুৰ মঞ্চত আনন্দ দানৰ ফোঁৱাৰা হিচাপে উপস্থিত থকা জুবিন গার্গৰ অনুপস্থিতি এই উৎসৱত নিশ্চয় অনুভৱ কৰা যাব৷ কিন্তু তেওঁৰ সৃষ্টিশীলতা আৰু সংগীতৰ প্রতি থকা অপৰিসীম ভালপোৱাই মানুহক আনন্দৰ উৎসৱ এৰি দিবলৈ কেতিয়াও নিশিকায়৷
বৰং তেওঁ যি সংগীতৰ আনন্দ মানুহৰ মাজত বিলাই গৈছিল, সেই আনন্দকেই আগুৱাই নিয়াটোৱেই তেওঁৰ প্রতি সর্বোত্তম শ্রদ্ধাঞ্জলি৷ অসমীয়া সমাজ দুখ আৰু আনন্দৰ মাজেৰেই আগবাঢ়ি গৈ আছে৷
ইতিহাসে দেখুৱাইছে যে অসমৰ মানুহে কঠিন সময়তো উৎসৱৰ আত্মাক জীয়াই ৰাখিবলৈ জানে৷ সেই একেই বিশ্বাসেৰে এইবাৰো বিহু উদযাপন হ’ব– অলপ সংযমেৰে, অলপ নীৰৱতাৰে, কিন্তু সমান মৰম আৰু আন্তৰিকতাৰে৷
সদৌ অসম ছাত্র সন্থাই আজি বহু বছৰ ধৰি এক স্থিৰ আদর্শৰে গুণীজনৰ প্রতি সন্মান প্রদর্শন কৰি আৰু লোকশিল্পৰ চর্চা কৰি ৰঙালী বিহু উদযাপন কৰি আহিছে৷ আজিৰ পৰিৱর্তিত সময়ত হয়তো এই আদর্শকে সন্মুখত লৈ আড়ম্বৰৰ পৰিৱর্তে আন্তৰিকতাক মুখ্য কৰি বিহুটিক উদযাপন কৰিবলৈ বহু ব্যক্তি ওলাই আহিব৷