নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰান-আমেৰিকাৰ যুদ্ধত দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা

এই যুদ্ধবিৰতি কিমান দিন স্থায়ী হ’ব আৰু ইয়াৰ পিছত দুয়োখন দেশৰ মাজত পুনৰ আলোচনা আৰম্ভ হ’ব নে নহয়, সেয়া এতিয়াও স্পষ্ট হোৱা নাই

অৱশেষত ইৰান আৰু আমেৰিকাৰ মাজত দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা হল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰি কয় যে আমেৰিকাই ইৰানৰ সৈতে আগন্তুক দুসপ্তাহৰ বাবে যুদ্ধবিৰতি পালন কৰিব।

প্ৰায় ৪০ দিন ধৰি চলা সংঘৰ্ষৰ অন্তত ইৰান আৰু আমেৰিকাৰ মাজত এই যুদ্ধবিৰতি ঘোষণা কৰা হয়। আগন্তক দুসপ্তাহৰ বাবে এই যুদ্ধ স্থগিত ৰখাৰ কথা ঘোষণা কৰে ড’নাল্ড ট্ৰাম্পে। মঙলবাৰে ইৰানৰ এটা সভ্যতা সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হ’ব বুলি কঠোৰ সতৰ্কবাণী দিয়াৰ পিছতেই তেওঁ এই যুদ্ধবিৰতি ঘোষণা কৰে।

এই ভাবুকিৰ পিছত হঠাৎ এই সিদ্ধান্ত লোৱাত বহু ৰাজনৈতিক বিশ্লেষকে ট্ৰাম্পৰ পদক্ষেপক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে। ভাবুকিৰ পৰা হঠাৎ পিছুৱাই অহাৰ সময়ত ড’নাল্ড ট্ৰাম্পে কয় যে ইৰানৰ বিৰুদ্ধে আমেৰিকাৰ সামৰিক ব্যৱস্থা সাময়িকভাৱে বন্ধ কৰি দিয়া হ’ব।

এই যুদ্ধবিৰতি কিমান দিন স্থায়ী হ’ব আৰু ইয়াৰ পিছত দুয়োখন দেশৰ মাজত পুনৰ আলোচনা আৰম্ভ হ’ব নে নহয়, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে এই ঘোষণাই বিশ্ব ৰাজনীতিত এক নতুন পৰিস্থিতিৰ সৃষ্টি কৰিছে।

ডিজিটেল ডেস্ক, ৮ এপ্ৰিল

You might also like