পৰাস্ত মুম্বাই, IPL-ত জয়ৰ হেটট্রিক ৰাজস্থান ৰয়েলছৰ
ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে চলিত আইপিএলত জয়ৰ হেটট্রিক অর্জন কৰিছে৷ গুৱাহাটীৰ বর্ষাপাৰাত অনুষ্ঠিত বর্ষাবিঘ্নিত মেচখনত ৰাজস্থানে পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক ২৭ ৰানত পৰাস্ত কৰে৷
বৰষুণৰ বাবে ১১ অভাৰলৈ হ্রাস কৰা মেচখনত ৰাজস্থানে জয়ৰ বাবে বান্ধি দিয়া ১৫১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি মুম্বায়ে নির্ধাৰিত ১১ অভাৰত ৯টা উইকেট হেৰুৱাই ১২৩ ৰানহে কৰে৷
দলটোৰ হৈ নমন ধীৰ আৰু ৰাডাৰফ’ৰ্ড উভয়ে সর্বাধিক ২৫ ৰান কৰে৷ ৰিকেলটনে ৮, ৰোহিতে ৫, সূর্যকুমাৰে ৬, তিলকে ১৪ আৰু হার্দিকে ৯ ৰান কৰে৷
ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অ’পেনাৰদ্বয় যশস্বী জয়ছোৱাল আৰু বৈভৱ সূর্যবংশীৰ বিধ্বংসী বেটিঙৰ সহায়ত ৰাজস্থানে নির্ধাৰিত ১১ অভাৰত তিনিটা উইকেট হেৰুৱাই ১৫০ ৰান কৰে৷
বৈভৱে ১৪টা বলত ৩৯ ৰান কৰি বিদায় লয় যদিও যশস্বীয়ে ৩২টা বলত ১০টা চাৰি আৰু চাৰিটা ছয়েৰে ৭৭ ৰান কৰি অপৰাজিত হৈ থাকে৷ অধিনায়ক ৰিয়ান পৰাগে ২০ ৰান কৰে৷
ডিজিটেল ডেস্ক, ৮ এপ্রিল