নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত ভোটদান কৰি প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক শুভেচ্ছা মানৱ ডেকাৰ

ৰাইজে আশীর্বাদ দিলে মই জিকিলে ৪ তাৰিখৰ পাছত মই সমষ্টিটোৰ বাবে কি কৰিম সেইয়া মুকলিকৈ প্ৰকাশ কৰিম

আজি ৰাজ্য জুৰি চলিছে ভোট গ্রহণ। প্ৰায় পষেক জুৰি চলা প্ৰচাৰ অভিযানৰ পাছত আজি ৰাইজে মতদান কৰিছে ইভিএমৰ  জৰিয়তে। পূৱাবেলা বতৰ প্ৰতিকূল যদিও ভোটাৰ ৰাইজ তাৰ মাজতে উৎসাহেৰে ওলাই আহি ভোটদান কৰে। প্ৰতিদ্বন্দী প্ৰাৰ্থী সকলেও শুভ ক্ষণ চাই ভোটাধিকাৰ সাব্যস্ত কৰে।

এনেদৰে ভোটাধিকাৰ সাব্যস্ত কৰি লখিমপুৰ সমষ্টিৰ এনডিএ ৰ প্ৰাৰ্থী মানৱ ডেকাই সংবাদ মাধ্যমৰ সন্মুখত অজানিত ভুলৰ বাবে ক্ষমা প্রার্থনা কৰে। শুভেচ্ছা জনাই প্ৰতিদ্বন্দী প্ৰাৰ্থীক আচলতে কোনো দায় জগৰৰ বাবে নহয়। নিৰ্বাচনী বতৰত, প্ৰচাৰ অভিযানৰ সময়ত তেওঁ যদি অজানিতে কাৰোবাৰ অন্তৰত দুখ লগা কথা কৈছিল সেই সকলৰ ওচৰতহে তেও সংবাদ মাধ্যমৰ জৰিয়তে ক্ষমা বিচাৰে মীনৱ ডেকাই।

তেওঁ কয় প্ৰচাৰ অভিযানৰ সময়ত যদি ভুলতে হলেও কাৰোবাক কিবা অন্তৰত দুখ লগা কথা কৈছিলো মই তেও লোকৰ ওচৰত ক্ষমা বিচাৰিছো। লগতে প্ৰতিগৰাকী প্ৰতিদ্বন্দী প্ৰাৰ্থী লৈ মই শুভেচ্ছা জ্ঞাপন কৰিছো।

উল্লেখ্য নৰ্থ লখিমপুৰ বিশ্ব বিদ্যিলয়ৰ ১৩৯ নং ভোট কেন্দ্রত ভোটাধিকাৰ সাব্যস্ত কৰে মানৱ ডেকাই। দ্বিতীয় বাৰৰ বাবে প্ৰাৰ্থী হিচাপে তেওঁ ভোট দান কৰে। ভোটদানৰ পাছত তেওঁ কয় এইবাৰ কোন জিকিব সেই য়া ৰাইজে নিৰ্ণয় কৰিব। ৰাইজে আশীর্বাদ দিলে মই জিকিলে ৪ তাৰিখৰ পাছত মই সমষ্টিটোৰ বাবে কি কৰিম সেইয়া মুকলিকৈ প্ৰকাশ কৰিম।

ভোট দান ৰাইজৰ সৰ্বোচ্চ অধিকাৰ বুলি উল্লেখ কৰি এইবাৰ অতি শান্তি পুৰ্ণ তথা নিয়াৰিকৈ নিৰ্বাচনটো পাৰ হোৱাত তেওঁ সন্তোষ প্রকাশ কৰে। বিজেপিৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত নিজৰ অনুভৱ প্ৰকাশ কৰি মানৱ ডেকাই কয় বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি পালন কৰিবই। বিজেপিৰ নীতিয়েই তেনেকুৱা। হয় প্ৰতিশ্ৰুতি পালন কৰক নহয় আতৰি যাওক। এইবাৰ এনডিএ ৰ ফলাফল খুউব ভাল হব বুলিও তেও কয়।

যোৱা সময়ৰ কথা উল্লেখ কৰি মানৱ ডেকাই কয় যোৱা সময় খিনিত মই এদিনো শুই বহি কটোৱা নাছিলো। চেষ্টা ৰ ক্ৰটি কৰা নাছিলো। এনেকুৱা এটা দি নাই যিটো দিনত মই ৰাইজৰ কাম কৰিবলৈ চেষ্টা নকৰাকৈ আছিলো। সেই খিনি ৰাইজে মূল্যায়ন কৰিব বুলিও তেওঁ কয়।

বিশেষ বাৰ্তা, লখিমপুৰ, ৯ এপ্রিল

You might also like