বহাগ বিহুৰ উৰুকাৰ আনন্দময় দিনটোতেই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত লিডুত সংঘটিত হ’ল এক মৰ্মান্তিক দুৰ্ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ এজন মধ্যবয়সীয়া ব্যক্তিৰ মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে। মৃত ব্যক্তিজনক ছহিদউল্লা আলি (৪৫) বুলি চিনাক্ত কৰা হৈছে।
লিডুৰ ইটাখুলা পিৰু লাইন অঞ্চলত আজি পুৱাৰ ভাগত এই হৃদয়বিদাৰক ঘটনাটো সংঘটিত হয় বুলি স্থানীয় সূত্ৰে জানিবলৈ দিয়ে। প্ৰত্যক্ষদৰ্শীসকলৰ মতে, ঘটনাটো পুৱাৰ ভাগতে সংঘটিত হোৱাত উৰুকাৰ উৎসৱমুখৰ পৰিৱেশ মুহূৰ্ততে শোকাহত পৰিৱেশলৈ ৰূপান্তৰিত হয়।
ঘটনাৰ পিছতে সমগ্ৰ এলেকাজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ইয়াৰ মাজতে ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সঞ্চাৰ হৈছে।
ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে কল ইণ্ডিয়াৰ বিদ্যুৎ কৰ্তৃপক্ষৰ চৰম গাফিলতি আৰু অৱহেলাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে। ত্ৰুটিপূৰ্ণ বিদ্যুৎ লাইনৰ বিষয়ে পূৰ্বেও একাধিক অভিযোগ কৰা হৈছিল যদিও কৰ্তৃপক্ষই সময়মতে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই এই এইজন ব্যক্তিৰ জীৱন হেৰুওৱাব লগা হ’ল বুলি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে।
ঘটনাৰ খবৰ পাই লিডু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। এই ঘটনাৰ সম্পূৰ্ণ তদন্ত কৰি দোষী ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।
উল্লেখ্য যে, বিহুৰ এই পৱিত্ৰ সময়ছোৱাত সংঘটিত এই মৰ্মান্তিক ঘটনাই সমগ্ৰ অঞ্চলটোৰ উৎসৱৰ আমেজ ম্লান কৰি তুলিছে।
নিয়মীয়া বাৰ্তা, মাৰ্ঘেৰিটা, ১৩ এপ্ৰিল