নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : এই ব’হাগ গণজীৱনৰ সাহ

ড০ ভূপেন হাজৰিকাই লিখিছিল– ব’হাগ মাথোঁ এটি ঋতু নহয়/নহয় ব’হাগ এটি মাহ/ অসমীয়া জাতিৰ ই আয়ুসৰেখ/গণজীৱনৰ ই সাহ৷ সার্থক উপলব্ধি গীতিকাৰৰ৷ অসমীয়া জনজীৱনত ব’হাগ মাথোঁ এটি মাহেই নহয়–ব’হাগ অসমীয়া জাতিৰ আয়ুসৰেখা৷ শীতে শেতা কৰি পেলোৱা প্রকৃতিয়ে বসন্তত ন–পানী পাই ঠন ধৰি উঠাৰ দৰেই অসমীয়া সমাজেও এই ব’হাগতেই সংকল্প লয় নতুন দিনৰ৷ ‘ব’হাগত জাতিয়ে স্নান কৰে মলিয়ন বস্ত্র সলাই, সংগ্রামী জীৱনক ই দিয়ে ৰণ প্রেৰণা, দিয়ে বৰদৈচিলাই৷’ ব’হাগ মানেই অসমীয়া জাতিৰ হূদস্পন্দন, ধমনীৰ উত্তাপ৷ ব’হাগ মানেই অসমীয়া সমন্বয়ী সাংস্কৃতিক সত্তাৰ প্রতিভূ ৰঙালী বিহুৰ উলহ–মালহ, বিহু মানেই অসমীয়াৰ প্রাণ, হিয়াৰ আমঠু৷ এই ব’হাগতেই জাতিটোৱে বুকুত বান্ধে নতুন নতুন সংকল্প অনাগত দিনৰ বাবে, গোটাই লয় দুর্বাৰ সাহস সম্ভাব্য বাধা–বিধিনি অতিক্রম কৰাৰ৷ পৃথিৱীৰ আটাইবোৰ লোক–সংস্কৃতিৰ উৎস হ’ল কৃষিজীৱী গ্রাম্য সমাজ৷ অসমৰ লোকোৎসৱ বিহুও তাৰ ব্যতিক্রম নহয়৷ প্রাকঐতিহাসিক যুগত মানুহৰ আজিৰ দৰে সূক্ষ্ম সৌন্দর্যবোধ নাছিল৷ জীয়াই থকাৰ সংগ্রামৰ সৈতে জড়িত আছিল জীৱনৰ দীঘ–বাণী৷ কঠোৰ জীৱন সংগ্রামত যেতিয়া প্রকৃতিক পৰাভূত কৰি নিজস্ব অভিলাস পূৰণৰ তীব্র বাসনা জাগিল মানৱ মনত তেতিয়াই প্রকৃতিৰ বিচিত্র ৰূপক বহতীয়া কৰাৰ দুর্জয় বাসনা পূৰণৰ জটিলতাৰ কোনো দুর্বল মুহূর্তত জন্ম পালে ‘মেজিক’ৰ৷ সীমিত শক্তিৰে অপাৰ প্রকৃতিৰ সৈতে ফেৰ মাৰিব নোৱাৰি মানুহে প্রকৃতিক বশ কৰাৰ আশাত বিভিন্ন নৃত্য ভংগিমাৰ আশ্রয় ল’লে৷ খাদ্য সংগ্রহৰ স্তৰ এৰি তাৰ পৰৱৰ্তী মৃগয়া স্তৰ অতিক্রমি প্রথমে খন্তি জাতীয় সঁজুলিৰে খেতি কৰা পদ্ধতি, তাৰ পিছত নাঙল আদিৰে খেতি কৰাৰ পদ্ধতি আৱিষ্কাৰ হ’ল, সেই সময়তে নাৰীৰ সন্তান জন্ম দিয়াৰ লগত পৃথিৱীৰ শস্য উৎপাদনৰ অদ্ভুত সাদৃশ্য মানৱ সমাজে লক্ষ্য কৰিছিল৷ একেই চিন্তাৰে মনুৱে মনুস্মৃতিত কৃষি ক্ষেত্রক ‘শাশ্বত যোনী’ (হয় ভূমির্হি ভূতনাথ শাশ্বতী যোনীৰুচৎতে’ – মনুস্মৃতিৰ নৱম মণ্ডলৰ সাতত্রিশ সুক্তৰ বুলি উল্লেখ কৰিছে, তেনেদৰে নাৰীক ক্ষেত্র আৰু পুৰুষক বীজ (ক্ষেত্র ভূতাস্মৃতা নাৰী বীজ ভূতঃ স্মৃতাং পুমান) বুলিও তেওঁ মন্তব্য কৰিছে৷ একেই ধাৰণাৰে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্রচলিত হৈ আহিছে বিভিন্ন উৎসৱ প্রাচীন কালৰে পৰাই৷ অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক পৰম্পৰাৰ এটা উমৈহতীয়া স্বৰূপ বিহুও তাৰ ব্যতিক্রম নহয়৷ আদিম মানৱৰ নৃত্য–গীত যিদৰে উর্বৰাকল্পৰ লগত জড়িত, বিহুও তেনেদৰে কৃষকৰ কৃষিকর্মৰ আৰম্ভণিৰ এটা শস্য কামনাৰ উৎসৱ৷ অসমীয়া সমাজ জীৱনৰ ভিত্তি স্বৰূপ অসমৰ জনজাতীয় লোকবিশ্বাস মতে আই বসুমতীক পূজা দিলে বা ডেকা–গাভৰুৱে পথাৰত নৃত্য–গীত কৰিলে কৃষিভূমি অধিক উর্বৰ হয়৷ এই কামনাৰে আমাৰ প্রতিটো জনগোষ্ঠীয়ে বিহু পাতে৷ আর্য–অনার্য, মংগোলীয়, অষ্ট্রিক আদি নানা জাতি–উপজাতিৰ সমন্বয়ত গঢ় লৈ উঠিছিল বৃহত্তৰ অসমীয়া জাতি৷ অসমীয়াৰ অতিকৈ চেনেহৰ বিহুটিৰো বাটকটীয়া আছিল অষ্ট্রিকসকল৷ তেওঁলোকৰ বিশ্বাস আছিল যে যৌৱন উপচি পৰা ডেকা–গাভৰুৱে পথাৰত নৃত্য–গীত কৰিলে পৃথিৱী অধিক উর্বৰা হয়৷ বিহু আমাৰ উমৈহতীয়া উৎসৱ যদিও অসমৰ প্রায় প্রতিটো জনগোষ্ঠীয়ে সুকীয়া সুকীয়া বিহু পালন কৰে৷ বড়োসকলে বিহুক ‘বৈশাগু’, ৰাভাসকলে ‘বাইখু’, মিচিংসকলে ‘আলি–আয়ে–লৃগাং’, দেউৰীসকলে ‘বিছু’, তিৱাসকলে ‘বিছু’ বা ‘পিছু’, ডিমাচাসকলে ‘বুচু’, আহোমসকলৰ ‘চাংকেন’, হাজংসকলৰ ‘লেবটা’, সোণোৱাল কছাৰীৰ ‘বহু বা নাচ’, ঠেঙাল কছাৰীৰ ‘বোকা বিহু’ আদি প্রতিটো জনগোষ্ঠীয়ে ভিন্ন নামেৰে বিহু পালন কৰে যদিও মূলগতভাৱে বিহু একেটাই৷ সেয়ে আমি সামূহিকভাৱে পালন কৰোঁ ৰঙালী বিহু৷ অৱশ্যে ঢোল, পেঁপা, গগনাৰে উজনি অসমৰ বিহুবলীয়া ডেকা–গাভৰুৱে পালন কৰাৰ দৰে নামনি অসমত বিহু পালিত নহয়, ভাৰতৰ বিভিন্ন প্রান্তত প্রাচীন কালতে পৰিপোষিত সুবসন্তক, মদনোৎসৱ আদিৰ দৰে কামৰূপ, দৰং, নলবাৰী আদি অঞ্চলত সুঁৱেৰি–সোৰি, দেউল আদি পালন কৰা হয়৷ ঠিক তেনেদৰেই বিশেষকৈ নলবাৰী জিলাত সমগ্র ব’হাগ মাহজুৰি পালন কৰা হয় আন এটা বসন্তোৎসৱ– ভঠেলি৷

বৰপেটা জিলাৰ বজালী আৰু ইয়াৰ আশে–পাশে পালিত হয় পাউৰা তোলা আৰু দহৰ ফুৰোৱা উৎসৱ৷ অবিভক্ত গোৱালপাৰা জিলাত ব’হাগৰ প্রথম ছদিনজুৰি পালন কৰা হয় বিষুৱা বা বেষমা উৎসৱ৷ তথাপি আন আন প্রতিটো বসন্তোৎসৱৰ দৰে ইয়ো মূলগতভাৱে সদৃশ৷ এই আটাইবোৰ উৎসৱৰ অন্তৰালত নিহিত হৈ আছে ভূমিৰ উর্বৰতা আৰু শইচৰ উৎপাদন কামনা, ভোগৰ উন্মাদনা আৰু প্রকৃতিৰ পৰিৱর্তনৰ সৈতে যৌৱনৰ আকুল আৱেদন৷ এই বহুৰঙী বিচিত্ৰতাই সাৰ–পানী যোগাই লহপহীয়া কৰি তুলিছে অসমীয়াৰ বাপতিসাহোন বিহুটিক৷ বিহুৰ এই বিৰল সমন্বয়ী সত্তাক স্বীকাৰ কৰি গণশিল্পী হেমাংগ বিশ্বাসে তেওঁৰ ‘অসমৰ জাতীয় উৎসৱ বিহু’ শীর্ষক লেখাত কৈছে– ‘ধর্মপ্রভাৱ মুক্ত ইহ জাগতিকতা আৰু শ্রমশীল জীৱনৰ প্রতি অসীম সমতা – এয়াই হ’ল বিহুৰ দর্শন৷ আদিম প্রাক্ আর্য উৎসৱবোৰ, কৃষি সমাজৰ ঋতু উৎসৱবোৰ হিন্দু ধর্মৰ উৎসৱত পৰিণত হৈছে৷ শাৰদীয় উৎসৱ, দীপান্বিতা, ফাকুৱা– এই সকলো ৰূপান্তৰিত হৈছে হিন্দুসকলৰ উৎসৱত, জাতীয় উৎসৱৰ মর্যাদা ইবোৰে হেৰুৱাইছে৷ কিন্তু বহুজাতিক উপজাতি আৰু ধর্মাৱলম্বী অধ্যুষিত অসম উপত্যকাত বিহুৰ জাতীয় মর্যাদাই দিনে দিনে ব্যাপকতাহে লাভ কৰিছে৷ ধৰ্মীয়  আচাৰ–বিচাৰ, দেৱ–দেৱী, উপদেৱতা বা অপদেৱতাৰ প্রভাৱৰ পৰা বিহু মুক্ত৷’ একেদৰে ‘মূল্যায়ন আৰু বিহুৰ ভৱিষ্যৎ’ শীর্ষক লেখাত তেওঁ উল্লেখ কৰিছে, ‘…বহু ধর্ম আৰু বহু ভাষা–ভাষী, জাতি–জনজাতি আৰু উপজাতিৰ বাসস্থলী অসমত বিহু হ’ল পৰিপূর্ণ জাতীয় উৎসৱ আৰু বিহুতলী হ’ল হূদয় আদান–প্রদানৰ শ্রেষ্ঠ মিলনক্ষেত্র৷’ ব’হাগে কঢ়িয়াই আনে সেই সমন্বয়ী সমাহাৰ৷ এই বিৰল সমন্বয় বৃহত্তৰ অসমীয়া জাতি গঠনৰ আধাৰ৷ অসমীয়া সংস্কৃতি যেন বিভিন্ন বাদ্যযন্ত্রৰ বিচিত্র সুৰেৰে সজোৱা এবিধ সুমধুৰ ঐকতান৷ ব’হাগ পোৱাৰ লগে লগে অসমীয়া মন ৰাইজাই কৰে৷ বিহুগীত, নৃত্য মূলতঃ ডেকা–গাভৰুৰ প্রেম–পীৰিতিৰ সৈতে জড়িত যদিও ই প্রতিজন অসমীয়াৰে মনত যৌৱনময় পুলক জগাই তোলে৷ প্রকৃতিয়েও যেন তাত আকণ্ঠ সঁহাৰি জনায়৷ ধূসৰ প্রকৃতিয়ে ব’হাগৰ ন–পানীত স্নান কৰি সেউজ সাজ পৰিধান কৰে, শীতৰ শীর্ণ নদ–নিজৰায়ো যেন নৱযৌৱন লাভ কৰি আনন্দত অধিক চঞ্চল হৈ পৰে৷ মাঘ, ফাগুনৰ পৰাই উচপিচাই থকা বৰদৈচিলাজনীয়েও এই ব’হাগতেই হিলদল ভাঙি মাকৰ ঘৰলৈ যায়৷ সেই উলাহতে ঢোলৰ ছেও শুনি শুদা ভাত খায়ো কোনোবা চেনাই পাকতে বিহুতলী পায়গৈ৷ অৱশ্যে সময়ৰ সোঁতত বিহুৰ ৰূপো সলনি নোহোৱাকৈ থকা নাই৷ পিছে অসমীয়াৰ মনত বিহুৰ আবেদন আজিও একেদৰেই আছে৷ বিষ্ণু ৰাভাই কৈছিল– ‘অসমীয়া কৃষ্টি–সংস্কৃতি আৰু সাহিত্য ব্রহ্মপুত্রৰ দৰে বিশাল আৰু বিৰাট৷ সৰু সৰু জুৰি–নিজৰা, উপনৈৰ সমন্বিত শকতিৰ দ্বাৰা যেনেকৈ ব্রহ্মপুত্রই তাৰ বিশালতা আৰু বিৰাটতা লাভ কৰিছে, ঠিক তেনেদৰে আমাৰ বহু জাতি–উপজাতি আৰু জনজাতিৰ কৃষ্টি–সংস্কৃতি আৰু সাহিত্যই বিশালতা আৰু বিৰাটতা লাভ কৰিছে৷’ অসমীয়া জাতিৰ এই আপুৰুগীয়া ৰূপটোক ব’হাগে যেন সোণত সুৱগা চৰায়৷ সময়ৰ কষটি শিলত ঘঁহনি খাই অসমীয়া সংস্কৃতিয়েও ৰূপ সলনি কৰাটো স্বাভাৱিক৷ তথাপি প্রতিজন অসমীয়াৰ বাবে বিহুৰ আদৰ, ব’হাগৰ আবেদন যাউতিযুগীয়া হৈয়ে আছে৷ ব’হাগে আঁকোৱালি ৰখা সংহতি আৰু সমন্বয়ৰ এনাজৰীডাল কেনেবাকৈ ছিগিব লাগিলে জাতিটোও যে থানবান হ’ব সি ধূৰূপ৷ সেয়ে ব’হাগে আঁকি থোৱা জাতিটোৰ আয়ুসৰেখাডাল যাতে কোনেও মচিব নোৱাৰে, সেয়াহে হোৱা উচিত প্রতিটো ব’হাগত আমাৰ সংকল্প৷

You might also like