নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমাহ পূর্বে অৱসৰ লোৱা ছৰফৰাজক পাকিস্তান ক্ৰিকেট দলৰ মুখ্য প্রশিক্ষকৰ দায়িত্ব

ডিজিটেল ডেস্ক, ১৯ এপ্রিল : অবিৰত বিফলতা৷ টি–২০ বিশ্বকাপত ব্যর্থতা৷ টেষ্টৰ লগতে এদিনীয়া খেলতো ফলাফল বৰ ভাল নহয়৷ যাৰ বাবে পাকিস্তান ক্রিকেটত হ’বলগীয়া আমূল পৰিৱর্তনৰ আভাস ইতিমধ্যে দেখা গৈছিল৷ সেয়ে দলটোৰ দুৰৱস্থাক লৈ চিন্তিত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নতুন প্ৰশিক্ষক নিযুক্তি দিছে। উল্লেখযোগ্য যে পাকিস্তান ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে প্ৰাক্তন অধিনায়ক ছৰফৰাজ আহমেদক।

মাত্র এমাহ পূর্বে অৱসৰ গ্রহণ কৰিছিল ছৰফৰাজে৷ এতিয়া পাকিস্তান ক্রিকেট ব’র্ডে তেওঁক প্রশিক্ষকৰ দায়িত্ব দিছে৷ মে’ত বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলা খেলিব পাকিস্তানে৷ বাংলাদেশৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্ট শৃংখলাৰ বাবে দল ঘোষণা কৰিছে পাকিস্তানে৷ বিগত বছৰৰ অক্টোবৰৰ পৰা পাকিস্তান টেষ্ট দলৰ মুখ্য প্রশিক্ষকৰ পদ খালী হৈ আছিল৷ ইয়াৰ পূর্বে আজহাৰ মাহমুদ আছিল অন্তর্ৱর্তীকালীন প্রশিক্ষক৷ তেওঁক শেষবাৰৰ বাবে পাকিস্তান দলৰ সৈতে দক্ষিণ আফ্রিকাৰ শৃংখলাত দেখা গৈছিল৷ এইবাৰ ছৰফৰাজে খালী হৈ থকা পদটো পূৰণ কৰিবলৈ ওলাইছে৷

ইয়াক লৈ পাকিস্তান ব’র্ডে বিগত ৫ বছৰত ৮জন প্রশিক্ষক নিযুক্তি দিছে৷ ইয়াৰ লগতে প্রাক্তন তাৰকা উমৰ গুল আৰু আছাদ ছফিকক ক্রমে বলিং আৰু বেটিং প্রশিক্ষক হিচাপে নিযুক্তি দিছে৷

মন কৰিবলগীয়া যে এমাহ পূর্বে পাকিস্তান দলৰ পৰা অৱসৰ গ্রহণ কৰা ছৰফৰাজ আহমেদে ২০২৩ চনত অন্তিমখন খেল খেলিছিল৷ ইয়াৰ পূর্বে পাকিস্তানৰ প্রাক্তন অধিনায়কগৰাকীয়ে পিচিবিত কনছালটেণ্ট হিচাপে যোগদান কৰিছিল৷ যোৱা বছৰৰ ডিচেম্বৰ মাহত পাকিস্তানৰ ১৯ বছৰ অনূৰ্ধ্ব দলৰ প্রশিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল৷ শেহতীয়াকৈ তেওঁক পাকিস্তানৰ বাছনি সমিতিতো নিযুক্তি দিয়া হৈছে৷ তেওঁৰ কেৰিয়াৰৰ আটাহতকৈ ডাঙৰ কৃতিত্ব আছিল ২০১৭ চনত ভাৰতক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফী জয় কৰা৷

You might also like