নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলৰ নামত বৃহৎ জুৱা : মাৰ্ঘেৰিটাত আৰক্ষীৰ জালত বিকাশ শ্বাহসহ চাৰিজন

ডিজিটেল ডেস্ক, মাৰ্ঘেৰিটা, ২০ এপ্ৰিল : সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আই পি এল ক্ৰিকেট মেচক কেন্দ্ৰ কৰি চলি থকা অবৈধ জুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। ইয়াৰ মাজতে মাৰ্ঘেৰিটা আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই আই পি এলৰ নামত জুৱাৰ বেহা চলাই থকা এটা বৃহৎ চক্ৰক উৎখাত কৰিবলৈ সক্ষম হৈছে। এই অভিযানত কুখ্যাত জুৱাৰী বিকাশ শ্বাহৰ লগতে আন তিনিজন সহযোগীক আৰক্ষীয়ে আটক কৰে।

মাৰ্ঘেৰিটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফৈয়জ আহমেদৰ নেতৃত্বত চলোৱা এই বিশেষ অভিযানত চাৰিজন জুৱাৰীক কৰায়ত্ত কৰা হয়। ধৃত লোককেইজন হ’ল ক্ৰমে বিকাশ শ্বাহ, মনোজ দে, চৈয়দ ৰিয়াজুল আলী আৰু ৰাজু মালাকাৰ। ইয়াৰে মূল অভিযুক্ত বিকাশ শ্বাহ আৰু ৰিয়াজুল আলীক আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে।

অভিযোগ অনুসৰি, মূল অভিযুক্ত বিকাশ শ্বাহে দীৰ্ঘদিন ধৰি আই পি এলৰ নামত সাধাৰণ লোকক লুণ্ঠন কৰি অতি কম দিনৰ ভিতৰতে অগাধ সম্পত্তিৰ মালিক হৈ পৰিছিল। স্থানীয় সূত্ৰই জনোৱা মতে, বিহাৰৰ মূল নিবাসী শ্বাহে শেহতীয়াকৈ মাৰ্ঘেৰিটা থানাৰ সমীপতে প্ৰায় ১ কোটি ২৫ লাখ টকা ব্যয় কৰি মাটি আৰু অট্টালিকা ক্ৰয় কৰিছিল। ইয়াৰ উপৰি মাৰ্ঘেৰিটা তল বজাৰত প্ৰায় ৯০ লাখ টকাৰে এখন কাপোৰৰ দোকান আৰু বজাৰৰ অন্য এক স্থানত ৩৫ লাখ টকাৰ স্থাৱৰ সম্পত্তি ক্ৰয় কৰা বুলিও জানিব পৰা গৈছে।

You might also like