নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুমডুমা মহাবিদ্যালয়ত ‘আলোচনা কক্ষ’ উদ্বোধন 

ডুমডুমা মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ এটি ‘আলোচনা কক্ষ’ আজি বিভাগটোৰ প্ৰথমগৰাকী অধ্যাপক লক্ষেশ্বৰ মৰাণৰ নামাকৰণেৰে উদ্বোধন কৰে। উল্লেখযোগ্য যে, ১৯৭৫ চনতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু পাছত দৰং মহাবিদ্যালয়ৰ চাকৰি এৰি ডুমডুমা  এলেকাত বাণিজ্য শিক্ষাৰ প্ৰসাৰৰ বাবে ডুমডুমা মহাবিদ্যালয়ত বাণিজ্য শাখা প্ৰতিষ্ঠা কৰি প্ৰায় দহ বছৰ কাল চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈয়ো এলেকাটোত শিক্ষাৰ পৰিবেশ ৰচনা কৰিছিল অধ্যাপক লক্ষেশ্বৰ মৰাণে।

১৯৮৫ চনত চৰকাৰীকৰণৰ মুখ দেখা মহাবিদ্যালয়খনৰ বাণিজ্য শাখাৰ প্ৰাণ প্ৰতিষ্ঠাপক এইগৰাকী শিক্ষকৰ প্ৰচেষ্টাত মহাবিদ্যালয়খনত বাণিজ্যৰ শাখাই প্ৰাণ পাই উঠিছিল। যাৰ বাবে এলেকাত বহু ছাত্ৰ-ছাত্ৰীয়ে এই শাখাত শিক্ষাগ্ৰহণ কৰি এলেকালৈ গৌৰৱ কঢ়িয়াই অনাই নহয় শ শ ছাত্ৰ-ছাত্ৰীয়ে নিজাকৈ স্বাৱলম্বিতা লাভ কৰিবলৈ সক্ষম হৈছে।

২০০৯  চনত মহাবিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰি ৰূপাই তপোবনত নিগাজীকৈ থাকিবলৈ লোৱা লক্ষেশ্বৰ মৰাণে আজি নিজেই উপস্থিত থাকি নিজৰ নামাকৰণেৰে এই কক্ষতো অনুষ্ঠানিক ভাবে উদ্বোধন কৰি আবেগিক হৈ পৰে। তেওঁ মহাবিদ্যালয়খনৰ এই বদান্যতাৰ শলাগ লয়।

এই উপলক্ষে মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ তৰফৰপৰা আয়োজিত এক চমু অথচ গাম্ভীৰ্যপূৰ্ণ আনুষ্ঠানিক সভাত অৱসৰী অধ্যাপক মৰাণে প্ৰায় পঞ্চাশ দশকৰ আগৰ ডুমডুমাৰ শিক্ষাৰ পৰিবেশ আৰু এতিয়া বাণিজ্য বিভাগৰ জয়যাত্ৰাৰ এক নষ্টালজিক ভাষণ প্ৰদান কৰে।

অনুষ্ঠানত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা তেওঁৰেই একালৰ ছাত্ৰ প্ৰকাশ দত্ত, মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলেশ্বৰ কলিতা, বিভাগৰ অৱসৰী অধ্যাপক গিৰিশ কোঁৱৰ, নগেন বৰদলৈ, দীপক ৰঞ্জন বৰুৱাই নিজ নিজ ভাষণত তেওঁ মহাবিদ্যালয়খনলৈ আগবঢ়াই থৈ যোৱা অৱদানৰ চিনস্বৰূপে আলোচনা কক্ষতো তেওঁৰ নামাকৰণেৰে কৰাত সন্তোষ প্ৰকাশ কৰে।

বিভিন্ন বিভাগৰ মুৰব্বী সকলে বাণিজ্য বিভাগে লোৱা এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰি বক্তব্য আগবঢ়ায়। বাণিজ্য বিভাগৰ বৰ্তমানৰ মুৰব্বী তথা মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ড০ দীপক কুমাৰ মহন্তই লক্ষেশ্বৰ মৰাণক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁ মহাবিদ্যালয়খনলৈ দি থৈ যোৱা অৱদানৰ চিনস্বৰূপে মহাবিদ্যালয় কতৃপক্ষই আলোচনা কক্ষ তেওঁৰ নামত দিয়াৰ মহানুভৱতাৰ শলাগ লয়। অনুষ্ঠানৰ আঁত ধৰে বিভাগৰ সহকাৰী অধ্যাপিকা শৰ্মিষ্ঠা ভট্টাচাৰ্যই। অনুষ্ঠানত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা, ডুমডুমা, ২০ এপ্ৰিল

You might also like