কেদাৰনাথ ধামৰ পৱিত্ৰ দুৱাৰ আজি পুনৰ ভক্তসকলৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ভগৱান শিৱৰ কৃপাৰে সকলোৰে জীৱনত শান্তি, সম্প্ৰীতি আৰু সমৃদ্ধি বিৰাজ কৰক বুলি এই উপলক্ষে কামনা জনোৱা হয়।
ভক্তসকলৰ মাজত এই উপলক্ষে আনন্দ আৰু উৎসাহৰ পৰিৱেশ দেখা গৈছে, আৰু কেদাৰনাথ ধামৰ দুৱাৰ পুনৰ মুকলি হোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আগন্তুকসকলৰ আগমন বৃদ্ধি পাব বুলি আশা কৰা হৈছে।
ইফালে উত্তৰাখণ্ডৰ বিশ্বপ্ৰসিদ্ধ কেদাৰনাথ ধামত সুৰক্ষা ব্যৱস্থাক অধিক কঢ়া কৰাৰ উদ্দেশ্যে ড্ৰোন উৰুৱাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে। প্ৰশাসনে সমগ্ৰ ধাম অঞ্চলক “নো-ফ্লাইং জোন” হিচাপে ঘোষণা কৰিছে।
জানিব পৰা মতে, প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰি অনুমতি অবিহনে ড্ৰোন উৰুৱাৰ অভিযোগত আৰক্ষীয়ে দুটা ড্ৰোন জব্দ কৰিছে। ধাম চৌহদ আৰু আশে-পাশে অঞ্চলসমূহত সুৰক্ষা বাহিনীয়ে কঠোৰ নিৰীক্ষণ অব্যাহত ৰাখিছে।
ইপিনে বুধবাৰৰ পৰা কেদাৰনাথ মন্দিৰৰ দ্বাৰ ভক্তসকলৰ বাবে মুকলি কৰা হৈছে। দ্বাৰ মুকলি হোৱাৰ পাছতেই বৃহৎ সংখ্যাত তীৰ্থযাত্ৰী ধামত উপস্থিত হোৱাত সুৰক্ষা ব্যৱস্থা অধিক কাঢ়া কৰা হৈছে।
প্ৰশাসনে স্পষ্ট কৰি জনাইছে যে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা আৰু হেলিকপ্টাৰ সেৱা সুৰক্ষিতভাৱে চলাই ৰাখিবলৈ পূৰ্ব অনুমতি অবিহনে কোনো ধৰণৰ ড্ৰোন উৰুওৱা সম্পূৰ্ণৰূপে নিষিদ্ধ। নিয়ম উলংঘন কৰিলে ড্ৰোন জব্দ কৰাৰ লগতে সংশ্লিষ্ট ব্যক্তিৰ বিৰুদ্ধে জৰিমনা আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সতৰ্ক কৰি দিয়া হৈছে।
প্ৰশাসনে সকলো তীৰ্থযাত্ৰীক সুৰক্ষা নিয়মসমূহ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে, যাতে কেদাৰনাথ যাত্ৰা সুৰক্ষিত আৰু সুশৃংখলভাৱে সম্পন্ন কৰিব পৰা যায়।
ডিজিটেল ডেস্ক, ২২ এপ্ৰিল