নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খহনীয়াৰ স্থায়ী সমাধানৰ দাবীত ফকিৰগঞ্জত উত্তাল ধৰ্ণা

ৰাজ্যত অব্যাহত থকা তীব্ৰ গৰাখহনীয়াৰ কৱলত পৰি নিঃশেষ হ’বলৈ ধৰা বোচাইমাৰী, ধাপানপাৰা আৰু আইৰকাটা অঞ্চলৰ ৰাইজে আজি প্ৰতিবাদত উত্তাল কৰি তোলে বোচাইমাৰী নদীৰ পাৰ। দীৰ্ঘদিনীয়া চৰকাৰী অৱহেলা আৰু বিভাগীয় উদাসীনতাৰ বিৰুদ্ধে ক্ষোভ উজাৰি আজি স্থানীয় ৰাইজে এক বিশাল ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

দীৰ্ঘদিন ধৰি কোনো এখন চৰকাৰ বা সংশ্লিষ্ট বিভাগে এই স্পৰ্শকাতৰ অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই। নদীৰ বুকুত ইতিমধ্যে বিলীন হৈছে শ শ বিঘা কৃষিভূমি, বাসগৃহ আৰু বহু চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান। খহনীয়াৰ ভয়ত অঞ্চলটোৰ ৰাইজে এতিয়া উজাগৰী নিশা কটাবলগীয়া হৈছে।

প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে। তেওঁলোকৰ স্পষ্ট দাবী— আমাৰ ভেটি আমাক ৰক্ষা কৰি দিয়ক। ৰাইজে শীঘ্ৰে বৈজ্ঞানিক পদ্ধতিৰে গৰাখহনীয়া ৰোধৰ বাবে স্থায়ী বান্ধ নিৰ্মাণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।

নিয়মীয়া বাৰ্তা, মানকাচৰ, ২২ এপ্ৰিল

You might also like