নাৰীবিদ্বেষী কংগ্ৰেছৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ
সংসদত মহিলা সংৰক্ষণ বিলৰ বিৰোধিতা কৰাৰ বাবে কংগ্ৰেছক নাৰী বিদ্বেষী আখ্যা দি আজি নগাঁৱত কংগ্ৰেছৰ বিৰুদ্ধে মহিলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
“মহিলাৰ অধিকাৰৰ প্ৰতি আক্ৰোশ, কংগ্ৰেছৰ বিপক্ষে নাৰীৰ বিদ্ৰোহ” শীৰ্ষক বেনাৰ লিখা এই প্ৰতিবাদী কাৰ্যসূচীত দুই শতাধিক মহিলাই অংশগ্ৰহণ কৰি কংগ্ৰেছ সহ বিৰোধী দলৰ বিৰুদ্ধে সৰৱ হৈ পৰে।কংগ্ৰেছ মুৰ্দাবাদ ,নাৰী বিদ্বেষী কংগ্ৰেছ হায় হায়, নাৰীক মৰ্য্যদা নিদিয়া কংগ্ৰেছ হুছিয়াৰ আদি কংগ্ৰেছ বিৰোধী ধ্বনি দি মহিলা সকলে উত্তাল পৰিবেশৰ সৃষ্টি কৰে।
নগাঁও চহৰৰ মতিৰাম বৰা উদ্যানৰ সমীপত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত বিজেপিৰ মহিলা মৰ্চাৰ সদস্যা সকলকূ ধৰি দুই শতাধিক মহিলাই অংশগ্ৰহণ কৰে। প্ৰতিবাদী মহিলাসকলে “নাৰীৰ সন্মানৰ মিছা কাহিনী – কংগ্ৰেছৰ এইয়া অভ্যাস পুৰণি” , নাৰী শক্তিক কৰা অপমান- জাগি উঠিছে আজি নাৰী স্বাভিমান”, আদি ফেষ্টুন হাতে হাতে লৈ কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদী মহিলা সকলে কয় যে সংসদত মহিলা সংৰক্ষণ বিলৰ কংগ্ৰেছ সহ বিৰোধী দলে বিৰোধিতা কৰিছে। কংগ্ৰেছে নাৰীক সুৰক্ষা দিব নোৱাৰে বুলি তেওঁলোকে কংগ্ৰেছক কটাক্ষ কৰে। লগতে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে মহিলা সকলক সন্মান দিয়াৰ লগতে সকলো ক্ষেত্ৰতে আগুৱাই নিয়াৰ ওপৰি মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব দিছে।
কিন্তু সংসদত কংগ্ৰেছসহ বিৰোধী দলে মহিলা সংৰক্ষণ বিলৰ বিৰোধিতা কৰিছে। আমাক মহিলা সংৰক্ষণ বিদ লাগিবই। নাৰীৰ প্ৰতি কংগ্ৰেছে কৰা অপমান তথা অন্যায় সহ্য কৰা নহব বুলি প্ৰতিবাদকাৰী সকলে কংগ্ৰেছক সকিয়াই দিয়ে।
বিশেষ বাৰ্তা, নগাঁও, ২২ এপ্ৰিল