নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ ইউনিছেক্স পাৰ্লাৰত আৰক্ষীৰ অতৰ্কিত অভিযান

দীৰ্ঘদিনৰ পৰা শিৱসাগৰ নগৰত একাংশ মাচাজ পাৰ্লাৰত অবৈধ কাৰ্যকলাপ চলি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে আৰক্ষীয়ে মাচাজ পাৰ্লাৰৰ বিৰুদ্ধে এক অতৰ্কিত অভিযান চলায়৷

দুখনকৈ মাচাজ পাৰ্লাৰত আৰক্ষীয়ে চলোৱা অভিযানত পাৰ্লাৰৰ স্বত্বাধিকাৰ, কৰ্মৰত যুৱতী, গ্ৰাহক সহিতে আঠজনক অসামাজিক কাৰ্যকলাপ চলাই থকাৰ অভিযোগত আটক কৰে৷ নগৰৰ মাজমজিয়াৰ কে পি চাৰিআলিৰ ‘অ’ টু’ আৰু বি জি ৰোডৰ ‘এম ওৱান’ নামৰ ইউনিচেক্স পাৰ্লাৰ দুখনত অতিৰিক্ত আৰক্ষী অধীক্ষক ময়দুল ইছলামৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলায়৷

তিনিগৰাকী যুৱতী, তিনিজন গ্ৰাহক লগতে প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসহ আটক কৰাসকলৰ ভিতৰত অ’ এন জি চিৰ এজন উচ্ছপদস্থ ছিকিউৰিটী বিষয়া আৰু এগৰাকী অৰুণাচলৰ যুৱতীও আছে বুলি জানিব পৰা গৈছে৷

আৰক্ষীয়ে বৰ্তমান আটকাধীনসকলক সোধ-পোছ অব্যাহত ৰাখিছে৷ অতিৰিক্ত আৰক্ষী অধীক্ষক ময়দুল ইছলামে এই সম্পৰ্কত সংবাদ মাধ্যমৰ সন্মুখত কয় যে, কিছুদিনৰ পৰা শিৱসাগৰৰ পাৰ্লাৰত অবৈধ কাৰ্যকলাপ চলি থকাৰ সম্পৰ্কত বিভিন্ন সূত্ৰৰ পৰা খবৰ আহি আছিল৷ নগৰত যাতে সামাজিক পৰিৱেশ বিঘ্নিত কৰিব পৰা এক পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবেই এই অভিযান চলোৱা হৈছে৷

সাধাৰণ পোচাকত পাৰ্লাৰসমূহলৈ আৰক্ষীৰ লোক প্ৰেৰণ কৰি তেওঁলোকক আটক কৰা হৈছে৷ আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে, ইউনিচেক্স পাৰ্লাৰত সুকীয়াকৈ কোঠা থকাটো সন্দেহজনক কথা৷

আনহাতে তেওঁলোকৰ প্ৰতিষ্ঠানৰ তথ্য-পাতিৰ ক্ষেত্ৰতো কিছু বিসংগতি আছে বুলি জানিবলৈ দি তদন্ত অব্যাহত থকাৰ কথা অৱগত কৰে৷ সোধ-পোছ চলি থকাৰ  লগতে পৰ্যাপ্ত তথ্য লাভ কৰিলে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰিব বুলিও স্পষ্ট কৰি দিয়ে বিষয়াগৰাকীয়ে৷

নিয়মীয়া বাৰ্তা, শিৱসাগৰ, ২২ এপ্ৰিল

You might also like