নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ মৰিকলঙত চিকিৎসকৰ বাসগৃহত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

ডিজিটেল ডেস্ক, নগাঁও, ২৪ এপ্ৰিল : নগাঁও জিলাৰ মৰিকলং অঞ্চলত নিশা সংঘটিত এক চাঞ্চল্যকৰ ডকাইতি ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, চিকিৎসক ডাঃ ৰঞ্জিত শইকীয়াৰ বাসগৃহত মাজনিশা প্ৰায় ৬ জনীয়া এটা ডকাইতৰ দলে হঠাৎ প্ৰৱেশ কৰি লুটপাত চলায়।

ডকাইতৰ দলটোৱে ৰডেৰে আক্ৰমণ কৰি চিকিৎসক দম্পতীক গুৰুতৰভাৱে আঘাত কৰে। পুৱতি নিশা তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত ৰঞ্জিত শইকীয়াই ওচৰ-চুবুৰীয়াৰ ঘৰলৈ গৈ সহায় বিচাৰে। লগে লগে স্থানীয় আৰক্ষী উপস্থিত হৈ ৰঞ্জিত শইকীয়া আৰু পত্নীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰে। এই আক্ৰমণত ডাঃ ৰঞ্জিত শইকীয়া আৰু তেওঁৰ পত্নী গুৰুতৰভাৱে আহত হয়। পিছত তৎকালীনভাৱে দুয়োকে চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

ঘটনাস্থলীত নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ইতিমধ্যে নগাঁও আৰক্ষী আৰু ফৰেনছিক দলে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

এই ঘটনাই স্থানীয় বাসিন্দাসকলৰ মাজত আতংকৰ পৰিৱেশ সৃষ্টি কৰিছে আৰু আৰক্ষীয়ে শীঘ্ৰে দোষীক গ্ৰেপ্তাৰ কৰাৰ আশ্বাস দিছে।

You might also like