এইবাৰ ইৰানৰ বিৰুদ্ধে ‘অর্থনৈতিক যুদ্ধ’ ড’নাল্ড ট্রাম্পৰ
ডিজিটেল ডেস্ক, ২৪ এপ্রিল : ইৰানক এসেকা দিবলৈ অপাৰেচন এপিক ফিউৰী আৰম্ভ কৰিছিল মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ কিন্তু সেই অভিযান এতিয়া পৰিণত হৈছে ইক’নমিক ফিউৰীত৷ গোলা–বাৰুদেৰে আৰু নহয়, এইবাৰ ইৰানক ভাতে মাৰিবলৈ একপ্রকাৰ ‘অর্থনৈতিক যুদ্ধ’ আৰম্ভ কৰি দিছে ট্রাম্পে৷
বুধবাৰে আমেৰিকা-ইৰানৰ যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি কৰে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে৷ ট্রাম্পৰ ঘনিষ্ঠ মহলৰ দাবী যে ইৰানৰ ওপৰত নতুনকৈ কঠোৰ নিষেধাজ্ঞা আৰোপৰ পৰিকল্পনা কৰা হৈছে, যাৰ লক্ষ্য দেশখনৰ অর্থনীতিক দুর্বল কৰি পেলোৱা৷ এইবোৰৰ মাজতে মুখ খুলিছে মার্কিন ট্রেজাৰী সচিব স্কট বেচেণ্টে৷ কার্যতঃ তেওঁ ফাদিল কৰি দিছে ট্রাম্পৰ ষড়যন্ত্র৷ তেওঁ জনাইছে যে যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধিৰ আঁৰৰ কাৰণ হ’ল ইৰানৰ বন্দৰসমূহত নৌ অৱৰোধ অব্যাহত ৰাখি খার্গ দ্বীপত তেল উৎপাদন বন্ধ কৰা৷ মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে এইবাৰ ইৰানক হাতে নামাৰি ভাতে মৰাৰ ফন্দি পাতিছে৷ দেশখনৰ আয়ৰ প্রধান উৎস তেল৷ তাতেই তেওঁ আঘাত কৰিবলৈ বিচাৰিছে, যাতে ক্ষতি স্থায়ী হয়৷
বিশেষজ্ঞসকলৰ একাংশৰ মতে, যোৱা এমাহ ধৰি বোমাবর্ষণৰ পিছতো প্রত্যাক্রমণৰ পৰা ইৰানক ৰোধ কৰিব পৰা নাই৷ তাৰ সলনি সমগ্র মধ্যপ্রাচ্যকে উত্তাল কৰি তুলিছে তেহৰানে৷ ইৰান যেন আহত বাঘ৷ ট্রাম্পে এতিয়া ভালদৰেই জানিব পাৰিছে যে কেৱল গোলা–বাৰুদেৰে কাবু কৰিব পৰা নাযাব ইৰানক৷ তেহৰানক এশিকনি দিবলৈ হ’লে তাৰ প্রাণকেন্দ্রত আঘাত হানিব লাগিব৷ সেয়া হ’ল তেল৷ কাৰণ ইৰানৰ অর্থনীতিৰ ষোল অনাই নির্ভৰ কৰে তেলৰ ওপৰত৷ গতিকে তাত আঘাত হানিলে তেহৰানৰ কঁকাল ভাঙি যাব, যাক মেৰামতি কৰা এই মুহূর্তত কঠিন হৈ পৰিব৷ কিন্তু বিশ্লেষকসকলৰ একাংশৰ মতে, ট্রাম্পৰ এই ষড়যন্ত্রৰ কথা ধৰা পেলাইছে ইৰানে৷ সেই কাৰণে তেওঁলোকে মধ্যস্থতাকাৰী পাকিস্তানক বাৰে বাৰে অনুৰোধ কৰিছে যাতে দ্বিতীয় পর্যায়ৰ শান্তি বৈঠকৰ পূর্বে ৱাশ্বিংটনে এই অৱৰোধ প্রত্যাহাৰ কৰে৷