ডিজিটেল ডেস্ক, নগাঁও, ২৫ এপ্ৰিল : কলিয়াবৰৰ ৰাঙলুত নিশা প্ৰায় ১০.৩০ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ট্ৰাক আৰু ছুইফটৰ মাজত প্ৰচণ্ড সংঘৰ্ষত ছুইফটখনৰ চালকসহ দুজন লোক নিহত হয়। ভয়াৱহ দুৰ্ঘটনাটোত মহিলা, শিশুসহ তিনিজন আহত হয়। নিহত দুজন ক্ৰমে শিৱসাগৰ নাজিৰাৰ মনোজ নেওগ আৰু শৰত দত্ত ওৰফে বু (চালক)।
মনোজ নেওগৰ পৰিয়ালটোৱে শিৱসাগৰ নাজিৰা সুন্দৰপুৰৰ পৰা তেজপুৰলৈ গৈ থকা অৱস্থাতে জখলাবন্ধা থানাৰ অন্তৰ্গত ৰাঙলুত সংঘটিত হয় শোকাৱহ ঘটনাটো। দুৰ্ঘটনাটোত মনোজ নেওগৰ মৃত্যু হোৱাৰ লগতে পত্নী আৰু এবছৰীয়া কন্যাসহ দুই কন্যা গুৰুতৰভাৱে আহত হয়। লগতে চালক শৰত দত্তও নিহত হয়। আহত তনুশ্ৰী নেওগ, সুস্মিতা নেওগ আৰু কণমানি পৰি নেওগক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AS-01 GC-1147 আৰু ছুইফটখনৰ নম্বৰ AS-03 H-5122।