ডিজিটেল ডেস্ক, নগাঁও, ২৬ এপ্ৰিল : নগাঁও জিলাত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী। নগাঁৱৰ মৰিকলং অঞ্চলত সংঘটিত ডকাইতি ঘটনাৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আৰক্ষীয়ে আটক কৰিছে।
এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে মিন্টু হুছেইন নামৰ আন এজনকো আটক কৰিবলৈ সক্ষম হয়। লগতে ডা: ৰঞ্জিত শইকীয়াৰ ঘৰৰ পৰা লুটি নিয়া নগদ ধনো জব্দ কৰিছে নগাঁও আৰক্ষীয়ে। ধৃত ডকাইতকেইটাৰ পৰা আৰক্ষীয়ে প্ৰায় ৪৫ হাজাৰ টকা উদ্ধাৰ কৰে।
অৱশ্যে, এই ডকাইতি কাণ্ডৰ সৈতে জড়িত আন তিনি অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে আৰু আৰক্ষীয়ে তেওঁলোকক বিচাৰি অভিযান অব্যাহত ৰাখিছে।
উল্লেখযোগ্য যে ধৃত উমৰ আলী পূৰ্বেও বহু ডকাইতি কাণ্ডৰ সৈতে জড়িত আছিল। তেওঁৰ ঘৰ ৰূপহীৰ বৰঘূলি অঞ্চলত বুলি জানিব পৰা গৈছে। লগতে শোণিতপুৰ জিলাতো তেওঁৰ বিৰুদ্ধে একাধিক ডকাইতিৰ অভিযোগ আছে।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে আৰু পলাতক অভিযুক্তক সোনকালেই গ্ৰেপ্তাৰ কৰাৰ আশা প্ৰকাশ কৰিছে আৰক্ষীয়ে।