নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰ আৰক্ষীৰ জালত ৪জনীয়া প্ৰৱঞ্চকৰ দল

ডিজিটেল ডেস্ক, ২৬ এপ্ৰিল : প্ৰৱঞ্চনাৰ জাল পেলাই বহুদিনৰ পৰা সৰ্বসাধাৰণ লোকক ঠগি আহিছিল চাৰি প্ৰৱঞ্চকে। ভূমি পঞ্জীয়ন কৰাই দিয়াৰ নামত সাধাৰণ লোকক ধনৰ বিনিময়ত ঠগি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল বহুদিনৰ পৰা।

যাৰ পৰিপ্ৰেক্ষিতত এক গোপন সূত্ৰৰ পম খেদি সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত এটি দলে অভিযান চলাই তেজপুৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৪জনীয়া প্ৰৱঞ্চকৰ দলটিক।

নিজকে সোণাপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰী বুলি পৰিচয় দিয়া এই প্ৰৱঞ্চককেইজন হৈছে তেজপুৰ বৰঘাটৰ ৰিয়াজুল ইছলাম (২২), চাইফুল ইছলাম (২৬), তেজপুৰ কুৰুকানিৰ মুজামিল হক (৪০) আৰু তেজপুৰ নপামৰ ইস্তাকুল হক (২১)।

ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি চাৰিওকে জে’ল-হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰাৰ লগতে সমস্ত ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

You might also like