নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ নিলম্বনৰ নিৰ্দেশ বাতিল APCC-ৰ

সম্প্ৰতি দলবিৰোধী কাৰ্যকলাপৰ বাবে ধুবুৰী জিলা কংগ্ৰেছে দিয়া নিৰ্দেশ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বাতিল কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, APCC/Circular/274 নম্বৰৰ এক চাৰ্কুলাৰ যোগে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটি (এপিচিচি)ৰ সাধাৰণ সম্পাদক (সংগঠন) ৰামান্না বৰুৱাই তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ সেই নিৰ্দেশ প্ৰদান কৰিছে।

সেই চাৰ্কুলাৰখনত কিছুমান দলীয় কৰ্মীৰ বিৰুদ্ধে, বিশেষকৈ ধুবুৰী জিলাত, দলবিৰোধী কাৰ্যকলাপৰ অভিযোগত স্থগিতাদেশ জাৰি কৰা হোৱা বুলি এপিচিচি আৰু সভাপতি গৌৰৱ গগৈৰ দৃষ্টি আকৰ্ষণ কৰা হোৱা বুলি উল্লেখ আছে।

সমান্তৰালকৈ এই ধৰণৰ কাৰ্যকলাপ এপিচিচিৰ পূৰ্ব অনুমোদন নোলোৱাকৈ গ্ৰহণ কৰা কৰা হোৱাৰ পৰিপ্ৰেক্ষিতত এপিচিচিৰ অনুমোদন নোলোৱাকৈ জাৰি কৰা সকলো স্থগিতাদেশ তৎক্ষণাত বাতিল কৰা হোৱা বুলিও স্পষ্ট নিৰ্দেশনা জাৰী কৰা হৈছে।

আনকি, এপিচিচিৰ পূৰ্ব অনুমোদন নোলোৱাকৈ কোনো দলীয় কৰ্মীৰ বিৰুদ্ধে স্থগিতাদেশ বা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেও সকলো জিলা কংগ্ৰেছ কমিটীক নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে, বিগত ১৮ এপ্ৰিলৰ দিনে দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ধুবুৰী জিলা কংগ্ৰেছ কমিটি (ডিচিচি)য়ে মুঠ ৪৫ গৰাকীক ৬ বছৰৰ বাবে নিলম্বন কৰিছিল। কিন্তু, সেই নিৰ্দেশ জাৰী কৰাৰ প্ৰায় ৮ দিন পিছত ডিচিচিৰ পূৰ্বৰ সেই নিৰ্দেশ বাতিল কৰাৰ নিৰ্দেশ দিলে এপিচিচিয়ে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৭ এপ্ৰিল

You might also like