ভাঙি পৰিল হাৰাং নৈৰ ফুটব্ৰিজ, কথমপি প্ৰাণৰক্ষা কেইবাজনৰ
অৱশেষত ভাঙি পৰিল কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ ৰংগৰ-ভাংগৰপাৰ সংযোগী ফুটব্ৰিজ।ইয়াৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে। দেওবাৰে নিশা হঠাৎ ৰংগৰ-ভাংগাৰপাৰ ফুটব্ৰিজ নদীত ভাঙি পৰে।
ইয়াৰ ফলত ফুটব্ৰিজত থকা একাংশ লোকে নদীত জপিয়াই প্ৰাণ ৰক্ষা কৰে। দলংখন ভাঙি পৰাৰ সময়ত তাত থকা লোকসকলে নদীত জঁপিয়াই সাঁতুৰি ৰক্ষা পৰে, যাৰ ফলত কোনো লোক হতাহত হোৱা নাই।
যোৱা কিছুদিন ধৰি দলঙ খনৰ এটা ফাল প্ৰায় জৰাজীৰ্ণ অৱস্থাত আছিল। এনে পৰিস্থিতিত স্থানীয় ৰাইজে নিজৰ জীৱনকো তুচ্ছ কৰি যাতায়াত কৰিছিল। দেওবাৰৰ নিশা কেইবাজনো লোক পাৰ হৈ থকাৰ সময়তে দলংখন ভাঙি পৰে।
সৌভাগ্যবশত, দলঙৰ ওপৰত থকা লোকসকলে নদীৰ পানীত জঁপিয়াই কোনোমতে প্ৰাণ ৰক্ষা কৰাত কোনো হতাহতিৰ খবৰ পোৱা হোৱা নাই। এই ঘটনাৰ ফলত অঞ্চলটোৰ প্ৰায় পাঁচ হাজাৰ লোক বিচ্ছিন্ন হৈ পৰিছে।
ভাংগৰপাৰৰ হাৰাং নদীৰ মূল দলংখন ভাঙি যোৱাৰ ফলত জনমানসত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যোৱানিশাৰ পৰা অঞ্চলটোৰ সাধাৰণ জনতাৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। দলঙখন ভাঙি পৰাত স্কুল আৰু কলেজলৈ যোৱা ছাত্ৰ-ছাত্ৰী, ৰোগী, কৰ্মৰত লোকসকলে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।
স্থানীয় ৰাইজে জনোৱা মতে, দলংখন বহু দিন ধৰি বিপদসংকুল অৱস্থাত আছিল আৰু প্ৰশাসনক বাৰে বাৰে জনোৱা স্বত্ত্বেও কোনো ব্যৱস্থা লোৱা হোৱা নাছিল। বিশেষকৈ বিক্ৰমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু দৈনন্দিন যাত্ৰীসকল অধিক অসুবিধাৰ সন্মুখীন হৈছে। শীঘ্ৰে এখন স্থায়ী আৰু নিৰাপদ দলং নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা স্বাভাৱিক কৰাৰ দাবী জনাইছে অঞ্চলবাসীয়ে।
নিয়মীয়া বাৰ্তা, শিলচৰ, ২৭ এপ্ৰিল