নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি গো সন্মান দিৱস, লখিমপুৰত গাই লৈ সমদল

আজি দেশ জুৰি গো সন্মান দিৱস পালন কৰা হয়। গো সন্মানেৰে হিন্দু সভ্যতা সংস্কৃতি ৰক্ষা কৰিবলৈ বিভিন্ন কাৰ্য্যসূচীৰে সজাগতা সৃষ্টি কৰাৰ লগতে ৰাজ্য তথা কেন্দ্রীয় চৰকাৰক দাবী জনোৱা হয়।

লখিমপুৰতো এনে কাৰ্য্য সূচী গ্ৰহণ কৰা হয়। নগৰৰ ঠাকুৰ বাৰীৰ পৰা কেইবাশ লোকে নগৰৰ মাজেৰে গাই লৈ সমদল কৰে। সমদলটোৱে জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত গো সুৰক্ষাৰ হকে শ্লোগান দিয়াৰ উপৰি জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রী, ৰাজ্যপাল, প্ৰধানমন্ত্ৰী আদিলৈ স্মাৰক পত্র প্ৰেৰণ কৰে।

বিভিন্ন লোকে অংশগ্রহণ কৰা সমদলটোৱে গো হত্যা বন্ধ কৰক, ৰাষ্ট্ৰীয় পৰ্যায়ত গো সন্মান দিয়ক, গো হত্যা বন্ধ কৰি হিন্দু সভ্যতা সংস্কৃতি ৰক্ষা কৰক আদি শ্লোগান দিয়ে। আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত সমদলকাৰীসকলে কয়- হিন্দু সভ্যতা সংস্কৃতি ৰক্ষা ৰ হকে গো হত্যা বন্ধ হবই লাগিব। এই ক্ষেত্ৰত প্ৰতিজন ভাৰত বাসী আগবাঢ়ি আহিব লাগিব।

আজি গো সন্মান দিৱস উপলক্ষে চৰকাৰক এই ক্ষেত্ৰত ব্যবস্থা গ্রহণ কৰাৰ বাবে আমি আহ্বান জনোৱাৰ উপৰি জন জাগৰণ সৃষ্টিৰ প্ৰয়াস কৰিছো। তেওঁলোকে আৰু কয় অসম চৰকাৰে বিশেষ ভাৱে আইন বলবৎ কৰি হলেও গো হত্যা বন্ধ কৰিব লাগে।

আমাৰ দাবী ৰাষ্ট্ৰীয় পৰ্যায়ত গো সন্মান দিব লাগে। হিন্দু সনাতনী সভ্যতা সংস্কৃতি ৰক্ষা কৰিবলৈ হলে গো হত্যা বন্ধ কৰি গো ক সন্মান দিব লাগিব। আমি ভাৰত মাতাৰ সন্তান হিচাপে গো মাতাকো সন্মান কৰো। সেই গো মাতাৰ হত্যা বন্ধ হবই লাগিব। গো হত্যা বন্ধ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত গো ক সন্মান দি হিন্দু সভ্যতা সংস্কৃতি ৰক্ষা কৰক। এইদৰে কয় সমদল কাৰী সকলে।

বিশেষ বাৰ্তা, লখিমপুৰ, ২৭ এপ্রিল

You might also like