প্লেটিনাম শিতানত গ্ল’বেল চি এছ আৰ বঁটাৰে সন্মানিত অইল ইণ্ডিয়া
মহাৰত্ন প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডলৈ শক্তি আৰু পৰিৱেশ ফাউণ্ডেশ্যনে (ই ই এফ) প্লেটিনাম শিতানত আগবঢ়াইছে “ই ই এফ গ্ল’বেল চি এছ আৰ বঁটা ২০২৬”। প্রতিষ্ঠানটোৰ বিভিন্ন কার্যকলাপ আৰু ইয়াৰ ক্ষেত্ৰসমূহত প্ৰভাৱশালী আৰু ফলপ্রসূ চি এছ আৰ তথা সামাজিক দায়বদ্ধতা পদক্ষেপক স্বীকৃতি প্রদান কৰি এই বঁটা আগবঢ়াইছে অইললৈ।
এই উপলক্ষে দিল্লীৰ এন ডি এম চি কনভেনশ্যন চেন্টাৰত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত উপস্থিত থাকি অইলৰ জনসম্পৰ্ক বিভাগৰ মুখ্য মহাপ্রৱন্ধক দিগন্ত কুমাৰ বৰা আৰু চি এছ আৰ প্ৰৱন্ধক শতাব্দী মহন্তই এই বঁটা গ্রহণ কৰে।
অনুষ্ঠানত ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰণালয়ৰ প্ৰাক্তন সচিব অনিল ৰাজদান, শক্তি আৰু পৰিৱেশ ন্যাসৰ মুখ্য কাৰ্যবাহী বিষয়া অনিল গাৰ্গ আৰু মন্টেনেগ্রো গণৰাজ্যৰ বাণিজ্য দূত জেনিছ দাৰবাৰীকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
উল্লেখযোগ্য যে অইলৰ সামাজিক দায়বদ্ধতা আঁচনিয়ে স্বাস্থ্য সেৱা, শিক্ষা, জীৱিকা উৎপাদন, দক্ষতা বিকাশ, গ্রাম্য আন্তঃগাঁথনি, ক্রীড়া, মহিলা সবলীকৰণ আৰু পৰিৱেশ বহনক্ষমতাৰ দৰে মূল ক্ষেত্ৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে।
নিয়মীয়া বাৰ্তা, দুলীয়াজান, ২৬ এপ্রিল