নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰকাশ পালে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ, বিজ্ঞান শাখাত সৰ্বাধিক ৮৯.৭৯%, মুঠ ৩.৩০ লাখতকৈ অধিক শিক্ষাৰ্থীয়ে দিছিল পৰীক্ষা

আজি উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। Assam State School Education Board-এ এই সন্দৰ্ভত পূৰ্বেই প্ৰয়োজনীয় অধিসূচনা জাৰি কৰিছিল। এইবাৰ মুঠ ১২টা ৱেবচাইটত ফলাফল প্ৰকাশ কৰা হৈছে। এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত মুঠ ৩,৩০,৭৪৪গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত—

  • কলা শাখা : ২,৪৭,৮৬৫গৰাকী পৰীক্ষাৰ্থী
  • বিজ্ঞান শাখা : ৬১,৫৬৫গৰাকী পৰীক্ষাৰ্থী
  • বাণিজ্য শাখা : ১৯,৮০৬গৰাকী পৰীক্ষাৰ্থী

ফলাফল অনুসাৰে, এইবাৰ সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ। শাখাভিত্তিক উত্তীৰ্ণৰ হাৰ অনুসৰি—

  • কলা শাখা : ৭৯.৫৪ শতাংশ উত্তীৰ্ণ
  • বাণিজ্য শাখা : ৮১.১৩ শতাংশ উত্তীৰ্ণ
  • বিজ্ঞান শাখা : ৮৯.৭৯ শতাংশ উত্তীৰ্ণ
  • বৃত্তিমুখী শাখা : ৭৪.২০ শতাংশ উত্তীৰ্ণ

শিক্ষাৰ্থীসকলে ফলাফল চাব পৰা ৱেবছাইটসমূহ হৈছে—

উল্লেখযোগ্য যে এইবাৰৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যজুৰি শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত উৎসাহ-উদ্দীপনাৰ পৰিৱেশ দেখা গৈছে।

ডিজিটেল ডেস্ক, ২৮ এপ্ৰিল

You might also like