নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বাৰ্তাৰ প্ৰডাকচন মেনেজাৰ শৈবাল ঘোষৰ অকাল বিয়োগ

নিয়মীয়া বাৰ্তাৰ প্ৰডাকচন মেনেজাৰ শৈবাল ঘোষৰ অকাল বিয়োগে সংবাদ প্ৰতিষ্ঠানটোত গভীৰ শোকৰ ছাঁ পেলাইছে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ মালিগাঁৱৰ স্বাগত হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল ঘোষ। চিকিৎসাধীন অৱস্থাতেই তেওঁৰ মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৯ বছৰ।

মৃত্যুৰ সময়ত শৈবাল ঘোষে পত্নী আৰু এগৰাকী কন্যা সন্তান এৰি গৈছে। তেওঁৰ অকাল বিয়োগত পৰিয়ালৰ লগতে সহকৰ্মীসকলৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে।

ঘোষৰ মৃত্যুৰ পাছত নিয়মীয়া বাৰ্তাৰ বৰাগাঁওস্থিত ছপাশাল কাৰ্যালয়ত তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতা, মেনেজাৰ মৃগাংক ভূঞাসহ বহু সহকৰ্মী আৰু শুভানুধ্যায়ী উপস্থিত থাকে।

পাছত গুৱাহাটীৰ ভূতনাথত শৈবাল ঘোষৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত সংবাদ জগতত এক অপূৰণীয় ক্ষতি হোৱা বুলি সহকৰ্মীসকলে প্ৰকাশ কৰিছে।

ইফালে সন্ধিয়া নিয়মীয়া বাৰ্তাৰ মুখ্য কাৰ্যালয়ত শৈবাল ঘোষৰ অকাল বিয়োগত এক শোকসভাৰ আয়োজন কৰা হয়। এই সভাত ঘোষৰ বিয়োগত সকলো মৰ্মাহত হৈ মৌন প্ৰাৰ্থনা কৰাৰ লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰা হয়।

শোকসভাতে নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাই শৈবাল ঘোষৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰে। উল্লেখ্য যে ঘোষ বিগত ৭-৮ বছৰ ধৰি নিয়মীয়া বাৰ্তাৰে জড়িত আছিল।

শোকসভাত নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতা, কাৰ্যবাহী সম্পাদক অমল দাসসহ সকলো বিভাগৰ সদস্য উপস্থিত থাকে।

ডিজিটেল ডেস্ক, ২৮ এপ্ৰিল

You might also like