নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Exit polls Assam : দিছপুৰৰ মছনদত পুনৰ বিজেপি মিত্রজোঁট

বিৰোধী মিত্রজোঁটৰ পৰিকল্পনা–ৰণকৌশল তচনচ কৰি তৃতীয়বাৰৰ বাবে দিছপুৰৰ মছনদ দখল কৰিব বিজেপি নেতৃত্বাধীন এনডিএই৷ ৫খন ৰাজ্যৰ ভোটদান প্রক্রিয়া সম্পন্ন হোৱাৰ পাছতে প্রকাশ হোৱা এগ্জিট প’লে অসমত পুনৰ এনডিএ চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা স্পষ্ট কৰিছে৷

লক্ষণীয়ভাৱে দেশৰ কেইবাটাও ৰাষ্ট্রীয় সংবাদ মাধ্যম তথা সংস্থাই প্রকাশ কৰা এগ্জিট প’লত এনডিএক ৮৮–১০১খন আসন দিয়াৰ বিপৰীতে কংগ্রেছ নেতৃত্বাধীন বিৰোধীক সর্বাধিক ৩০–৪০খন আসনতে সীমাবদ্ধ ৰাখিছে৷

লক্ষণীয়ভাৱে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসমত তৃতীয়বাৰৰ বাবে বিজেপি আৰু মিত্রদলে চৰকাৰ গঠন কৰাৰ সম্ভাৱনাও প্রায় স্পষ্ট হৈছে৷ অহা ৪ মে’ৰ নির্বাচনী ফলাফল ঘোষণাৰ পূর্বে দেশৰ আগশাৰীৰ সমীক্ষাকাৰী সংস্থাই প্রকাশ কৰা এগ্জিট প’লত বিজেপি নেতৃত্বাধীন এনডিএৰ চমকপ্রদ উত্থানৰ লগতে বিৰোধী কংগ্রেছৰ ধৰাশায়ী অৱস্থাৰ কথাও একপ্রকাৰ আঙুলিয়াই দিছে৷

ইণ্ডিয়া টুডে–এক্সিছ মাই ইণ্ডিয়াই প্রকাশ কৰা সমীক্ষাত বিজেপি মিত্রদলক ৮৮–১০০ আসন দিয়াৰ বিপৰীতে কংগ্রেছক ২৪–৩৬ আসন প্রদান কৰিছে৷ আনহাতে মেট্রিজে প্রকাশ কৰা সমীক্ষাত এনডিএক ৮৫–৯৫খন আসন দিয়াৰ বিপৰীতে কংগ্রেছ আৰু মিত্রদলক দিছে ২৫–৩২খন আসন৷ আনহাতে অন্যান্যই লাভ কৰিছে ৬–১২খন আসন৷

ইফালে জেভিচি–টাইমছ নাৱে আজি প্রকাশ কৰা সমীক্ষাত বিজেপি নেতৃত্বাধীন মিত্রদলক ৮৮–১০১খন আসন দিয়াৰ লগতে বিৰোধী কংগ্রেছক প্রদান কৰিছে ২৩–৩৩খন আসন আৰু অন্যান্যই লাভ কৰিছে ২–৫খন আসন৷ পিপল্ছ পাল্ছে প্রকাশ কৰা সমীক্ষাত বিজেপি–মিত্রদলক ৮৩–৯১খন আসন দিয়াৰ বিপৰীতে কংগ্রেছ আৰু মিত্রজোঁটক প্রদান কৰিছে ২৩–৩১খন আসন৷ অন্যান্যক দিছে ৩–৫খন আসন৷

ইফালে প’ল ডায়েৰীয়ে বিজেপি–মিত্রদলক ৮৬–১০১খন আসন দিয়াৰ বিপৰীতে কংগ্রেছ মিত্রজোঁটক দিছে ১৫–২৬খন আসন৷ চাণক্য ষ্ট্রেটেজিছে বিজেপি–মিত্রদলক ৮৮–৯৮খন আসন দিয়াৰ বিপৰীতে কংগ্রেছ আৰু মিত্রজোঁটক দিছে ২২–৩২খন আসন, অন্যান্যই লাভ কৰিব ৩–৫খন আসন৷

পিএমআৰকিউৱে প্রকাশ কৰা সমীক্ষাত বিজেপি আৰু মিত্রদলে লাভ কৰিছে ৮২–৯৪খন আসন, কংগ্রেছ মিত্রজোঁটে লাভ কৰিছে ৩০–৪০খন আৰু অন্যান্যই লাভ কৰিছে ১–৫খন৷ পিপল্ছ ইনছাইটে প্রকাশ কৰা সমীক্ষাত বিজেপি নেতৃত্বাধীন এনডিএক ৮৮–৯৬খন আসন দিয়াৰ বিপৰীতে বিৰোধী মিত্রজোঁটক ৩০–৩৪খন আসন প্রদান কৰিছে৷

এনডি টিভিয়ে বিজেপি–মিত্রদলক ৮৮–১০০খন আসন প্রদান কৰাৰ বিপৰীতে কংগ্রেছ নেতৃত্বাধীন বিৰোধী দলক ২৪–৩৬খন আসন আৰু অন্যান্যক ৩খন আসন প্রদান কৰিছে৷ প্রজা প’ল–এ প্রকাশ কৰা সমীক্ষাত বিজেপি–মিত্রদলক ৮৬–১০১খন আসন দিয়াৰ পৰিৱর্তে বিৰোধী মিত্রদলক ১৫–২৬খন আসন আৰু অন্যান্যক ৩–৭খন আসন প্রদান কৰিছে৷

ইফালে ভোট ভাইবে প্রকাশ কৰা সমীক্ষা অনুসৰি বিজেপি আৰু মিত্রদলে এইবাৰ লাভ কৰিব ৯০–১০০খন আসন, বিৰোধী মিত্রদলে লাভ কৰিব ২৩–৩৫খন আসন আৰু অন্যান্যই ০–৬খন আসন৷ কার্যতঃ ৰাষ্ট্রীয় সমীক্ষাকাৰী সংস্থাসমূহে পুনৰ বিজেপি নেতৃত্বাধীন এনডিএই চৰকাৰ গঠনৰ স্পষ্ট সম্ভাৱনা দাঙি ধৰাৰ বিপৰীতে বিৰোধী শিবিৰৰ চৰকাৰ গঠনৰ সম্ভাৱনাক সম্পূর্ণৰূপে নস্যাৎ কৰিছে৷

মন কৰিবলগীয়া যে বিধাসনভা নির্বাচনৰ ভোটদানৰ পিছতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইবাৰ এনডিএক ৯০খনৰো অধিক আসন দখলৰ সম্ভাৱনাৰ কথা স্পষ্ট কৰিছিল৷ দীর্ঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতাৰে পুষ্ট মুখ্যমন্ত্রী ড০ শর্মাই ভোটগ্রহণৰ পাছতে নিজাববীয়া সমীক্ষা দাঙি ধৰি উল্লেখ কৰিছিল যে ভোটদানৰ হাৰ বৃদ্ধি আৰু ভোটাৰ ৰাইজৰ ব্যাপক সমর্থনে স্পষ্ট কৰি তুলিছে যে এইবাৰ এনডিএই ১০০খন আসনৰ ওচৰ চাপিব৷

ইয়াৰ বিপৰীতে কংগ্রেছে ২০–২২খন আসন লাভ কৰিব আৰু কংগ্রেছৰ মিত্রদল ক্রমে ৰাইজৰ দলে এখন আৰু অজাপই এখনো আসন নাপায় বুলি স্পষ্ট কৰিছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই ভোটদানৰ পূর্বেই প্রকাশ কৰা এই সমীক্ষা তথা পূর্বানুমানকেই ৰাষ্ট্রীয় সমীক্ষাকাৰী সংস্থাসমূহে স্পষ্ট ৰূপত দাঙি ধৰিছে৷

কার্যতঃ প্রকাশ হোৱা এগ্জিট প’লে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত চৰকাৰ গঠনৰ সম্ভাৱনাকো নিশ্চিত কৰি তুলিছে৷

ডিজিটেল ডেস্ক, ৩০ এপ্ৰিল

You might also like