নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰীল বনাবলৈ গৈ ৬০ ফুট ওখ পানী টেংকিত আবদ্ধ দুই কিশোৰ, উদ্ধাৰ কৰিলে বায়ুসেনাই

ডিজিটেল ডেস্ক, ৩ মে’ : উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থ নগৰত পানীৰ টেংকীত ১৬ ঘণ্টা ধৰি আবদ্ধ হৈ থকা দুই কিশোৰক এয়াৰফ’ৰ্চৰ MI-17 হেলিকপ্টাৰৰ জৰিয়তে উদ্ধাৰ কৰা হৈছে। দুয়োকে গোৰখপুৰৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ভাৰতীয় বায়ুসেনাই এক্সৰ জৰিয়তে এই উদ্ধাৰ অভিযানৰ ভিডিঅ’ মুকলি কৰিছে ।

শনিবাৰে কাশীৰাম আৱাস কলনীত ৫জন কিশোৰে ৰীল বনোৱাৰ বাবে ৬০ ফুট ওখ পানীৰ টেংকিৰ ওপৰত উঠিছিল। পিছত নামিবলৈ লওঁতে ছিৰিবোৰ ভাঙি যায়। ফলত ৩জন কিশোৰ তলত পৰি যায়। ইয়াৰ ভিতৰত এজনৰ মৃত্যু হয়, আনহাতে দুজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। ইফালে, আন দুজন কিশোৰ পানীৰ টেংকিৰ ওপৰতে আবদ্ধ হৈ থাকিল । কাৰণ ছিৰিবোৰ ভাগি যোৱাৰ ফলত তেওঁলোকে নামিবলৈ কোনো উপায় নাপালে । প্ৰায় ১৬ ঘণ্টা ধৰি টেংকিৰ ওপৰতে আবদ্ধ হৈ থাকে । নিশাৰ ভাগত কিশোৰ দুজনক উদ্ধাৰৰ ক্ষেত্ৰত উদ্ধাৰকাৰী দল যথেষ্ট অসুবিধাৰ সন্মুখীন হয় । পিছত কিশোৰ দুজনক উদ্ধাৰৰ সকলো প্ৰচেষ্টা বিফল হোৱাত বায়ুসেনাক সহায়ৰ বাবে অনুৰোধ জনোৱা হয় ।

নিশা প্ৰায় ৩ বজাত ধাৰাসাৰ বৰষুণ আৰম্ভ হোৱাত কিশোৰ দুজনক উদ্ধাৰৰ কাম বন্ধ কৰিবলগীয়া হয়। তাৰ পিছতে ৰাজ্য চৰকাৰৰ অনুৰোধমৰ্মে বায়ুসেনাৰ এখন এমআই-১৭ হেলিকপ্টাৰ ঘটনাস্থলীত উপস্থিত হয় । হেলিকপ্টাৰখনে দুয়োগৰাকী কিশোৰকে টেংকিৰ পৰা সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰায় ১৬ ঘণ্টা ধৰি আবদ্ধ হৈ থকা কিশোৰ দুয়োগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত গোৰখপুৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

You might also like