আইপিএলত ‘গার্লফ্রেণ্ড কালচাৰ’ক লৈ অসন্তুষ্ট ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ড
ডিজিটেল ডেস্ক, ৫ মে’ : ভাৰতৰ ক্রিকেট নিয়ন্ত্রণ ব’র্ডে আইপিএলৰ সময়ত ক্রিকেটাৰসকলৰ ব্যক্তিগত জীৱনত নতুন নিষেধাজ্ঞা আৰোপ কৰাৰ কথা চিন্তা কৰিছে৷ বিশেষকৈ প্রেয়সীৰ সৈতে একাংশ খেলুৱৈৰ ঘনিষ্ঠ উপস্থিতিৰ বাবে অসন্তুষ্টি প্রকাশ কৰিছে বিচিচিআয়ে৷
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, হার্দিক পাণ্ডিয়া, যশস্বী জয়ছোৱাল, ঈশান কিশন, অর্শদীপ সিঙৰ দৰে ক্রিকেটাৰক কেইবাবাৰো দলীয় বাছত প্রেয়সীৰ সৈতে যাত্রা কৰা আৰু টীম হোটেলত থকা দেখা গৈছে৷ এই ধাৰাটোক ‘গার্লফ্রেণ্ড কালচাৰ’ বুলি উল্লেখ কৰি বিচিচিআয়ে ইয়াক বন্ধ কৰিবলৈ নতুন নিয়ম প্রণয়নৰ পদক্ষেপ গ্রহণ কৰিছে৷
ব’ৰ্ডৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে যদি এতিয়া এই বিষয়টো নিয়ন্ত্রণ কৰা নহয়, তেন্তে ভৱিষ্যতে ইয়ে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ আমি দেখিবলৈ পাওঁ যে টীম বাছখনে প্রেমিকাসকলৰ বাবে অপেক্ষা কৰি আছে আৰু তেওঁলোক একেখন হোটেলতে আছে৷ বিচিচিআইৰ উদ্বেগৰ আন এটা কাৰণ হ’ল প্রেমিকাসকলৰ বহুতেই ছ’চিয়েল মিডিয়াৰ প্রভাৱশালী৷ ইয়াৰ কিছুমানে পূর্বেও বেটিং এপৰ প্রচাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ ইয়াৰ উপৰি শেহতীয়া বছৰবোৰত কিছুমান খেলুৱৈ আৰু তেওঁলোকৰ প্রেমিকাৰ মাজৰ ব্যক্তিগত বিবাদ পোহৰলৈ আহিছে আৰু কিছুমান ক্ষেত্রত আনকি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে, যাৰ ফলত লীগ আৰু ব’ৰ্ডৰ ভাবমূর্তিত নেতিবাচক প্রভাৱ পৰিছে৷
বিষয়াগৰাকীয়ে লগতে কয় যে দুর্নীতিবিৰোধী ইউনিটৰ একাংশ বিষয়াই নিজকে ‘অফিচিয়েল পার্টনাৰ’ বুলি পৰিচয় দিয়াৰ পিছত প্রেমিকাক থাকিবলৈ দিছে৷ কিন্তু বিচিচিআইৰ নীতিত ‘অফিচিয়েল গার্লফ্রেণ্ড’ বুলি কোনো নিয়ম নাই৷ নির্দিষ্ট নির্দেশনা অনুসৰি, কেৱল পত্নী আৰু পৰিয়ালৰ সদস্যকহে অনুমতি দিয়া হৈছে৷ এই অনুমতি কোনে দিলে তদন্ত কৰাটো প্রয়োজন৷ এনে অনিয়ন্ত্রিত উপস্থিতিয়ে স্পর্শকাতৰ তথ্য ফাদিল হোৱাৰ আশংকা সৃষ্টি কৰিব পাৰে বুলি ব’র্ডে আশংকা কৰিছে, যিটো ক্রিকেটৰ অখণ্ডতা আৰু সুৰক্ষাৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে৷ এনে পৰিস্থিতিত বিচিচিআয়ে পৰৱর্তী বৈঠকত বিষয়টো বিতংভাৱে আলোচনা কৰি কঠোৰ নির্দেশনা জাৰি কৰিব পাৰে৷
জানিব পৰা মতে, এই নতুন নিয়ম কেৱল আইপিএলৰ ক্ষেত্রতে নহয়, ভাৰতীয় জাতীয় দলৰ আন্তঃৰাষ্ট্রীয় ভ্রমণৰ ক্ষেত্রতো প্রযোজ্য হ’ব পাৰে৷ যদিও আইপিএলৰ দলসমূহ ব্যক্তিগত মালিকানাধীন, ব’র্ডে সকলো ফ্রেঞ্চাইজীৰ বাবে কেন্দ্রীয় নীতি প্রৱর্তন কৰাৰ পৰিকল্পনা কৰিছে৷