নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী জিলাত নিশ্চিহ্ন হ’ল এআইইউডিএফ, গোলকগঞ্জ-বিলাসীপাৰাত বিজয়ী এনডিএ

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৫ মে’ : বিধানসভা নিৰ্বাচনৰ ভোটগণনা সম্পূৰ্ণ হোৱাৰ পিছত সমগ্ৰ ৰাজ্যজুৰি বিজেপি তথা বিজেপিৰ সহযোগী দলবোৰে অধিকাংশ সমষ্টিতে বিজয়ী হ’লেও পূৰ্বৰ দৰে এইবেলিৰ বিধানসভা নিৰ্বাচনত ধুবুৰী জিলাত সম্পূৰ্ণ এক বিপৰীত ৰাজনৈতিক প্ৰতিচ্ছবি দেখা যায়। অৱশ্যে জিলাখনৰ মুঠ ৫টা সমষ্টিৰ গোলকগঞ্জ আৰু বিলাসীপাৰা বিধানসভা সমষ্টিত এনডিএ বিজয়ী হয় যদিও ধুবুৰী, গৌৰীপুৰ আৰু বীৰসিং জৰুৱা- এই ৩টা বিধানসভা সমষ্টিত জয়লাভ কৰে কংগ্ৰেছ দলে।

তাৎপৰ্যপূৰ্ণভাৱে এসময়ত এআইইউডিএফ দলৰ দুৰ্গস্বৰূপ ধুবুৰী জিলাত এইবাৰৰ বিধানসভা নিৰ্বাচনত দলটোৱে এখন আসনতো বিজয় সাব্যস্ত কৰিব নোৱাৰিলে। আনকি, ধুবুৰী আৰু গৌৰীপুৰৰ বিধায়ক তথা এআইইউডিএফ দলৰ প্ৰাৰ্থীদ্বয় নজৰুল হক আৰু নিজানুৰ ৰহমান শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। ধুবুৰীত কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী বেবী বেগমে ১,১৮,৩৬২টা ভোট পাই বিজয় সাব্যস্ত কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী তথা এআইইউডিএফ দলৰ প্ৰাৰ্থী নজৰুল হকে লাভ কৰে মাথোঁ ৪৯,৭০১টা ভোট। ঠিক অনুৰূপে গৌৰীপুৰ বিধানসভা সমষ্টিতো কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুছ ছোৱাহান সৰকাৰে ১,৮২,৯৭১ টা ভোট পাই জয়লাভ কৰে।

ইয়াৰ বিপৰীতে সমষ্টিটোত ধাৰাবাহিকভাৱে ২বাৰকৈ বিজয়ী হৈ অহা তথা এআইইউডিএফ দলৰ প্ৰাৰ্থী নিজানুৰ ৰহমানে ৬৩,৮৭৪টা ভোট পাই দ্বিতীয় স্থানতে থমকি ৰ’বলগীয়া হয়। আনহাতে, জিলাখনৰ বীৰসিং জৰুৱা বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰীয়ে ১,১৩,৯০১ টা ভোট পাই প্ৰত্যয়িত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে এআইইউডিএফ দলৰ প্ৰাৰ্থী তথা প্ৰাক্তন কংগ্ৰেছী নেতা আলী আকবৰ মিঞাই ৭৮,০১৬ টা ভোট পাই দ্বিতীয় স্থান পায়। আনহাতে, এআইইউডিএফ দলৰ টিকট নাপাই বীৰসিং জৰুৱাত নিৰ্দলীয় প্ৰাৰ্থী ৰূপে থিয় দিয়া ৰেজা আমিনে লাভ কৰে ৬৮,৫৫৬টা ভোট।

উল্লেখ্য যে ধুবুৰী জিলাত সংখ্যাগুৰু ভোটাৰে নিৰ্ণায়ক ভূমিকা লোৱা একমাত্ৰ বিধানসভা সমষ্টি গোলকগঞ্জত বিজেপি দলৰ প্ৰাৰ্থী অশ্বিনী ৰায় সৰকাৰে ১,১০,৫৫৩টা ভোট পাই প্ৰত্যয়িত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ কাৰ্তিক ৰায়ে লাভ কৰে ৭৯,৭৫১টা ভোট।

আনহাতে, ধুবুৰী জিলাৰ বিলাসীপাৰা সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত শাসকীয় মিত্ৰজোঁটৰ অগপ দলৰ জীৱেশ ৰয়ে ৮৫,৯৩৭ টা ভোট পাই বিজয় সাব্যস্ত কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ দলৰ প্ৰাৰ্থী অমৃত বাদশাই লাভ কৰে ৮৩,২৪৩টা ভোট।

You might also like