তামাৰহাট থানাৰ অন্তৰ্গত ভেৰভেৰী গাঁৱৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। অভিযোগ অনুসৰি, ৰমজান আলী নামৰ এজন যুৱকে বিয়াৰ প্ৰলোভন দেখুৱাই কিশোৰীগৰাকীক পলুৱাই লৈ গৈছিল হাৰিয়ানাৰ শনিপদ জিলাৰ খৰখেদা থানাৰ অন্তৰ্গত এটা ইটাভেটালৈ। পৰৱৰ্তী সময়ত তাতেই কিশোৰীগৰাকীক হত্যা কৰা হোৱা বুলি অভিযোগ উঠিছে।
অভিযুক্ত ৰমজান আলী তামাৰহাট থানাৰ অন্তৰ্গত বৰজান গাঁৱৰ জেলহক আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে। আনহাতে, নিহত কিশোৰীগৰাকী ভেৰভেৰী গাঁৱৰ শ্বহীদ আলী আৰু চকিনা বিবি দম্পতীৰ কন্যা শৰীফা খাতুন।
প্ৰায় এমাহ ধৰি নিখোজ হৈ থকা শৰীফা খাতুনৰ মৃত্যুৰ খবৰ লাভ কৰি তামাৰহাট আৰক্ষীয়ে পৰিয়ালক অৱগত কৰে। পৰিয়াল আৰু আৰক্ষীৰ তৎপৰতাত হাৰিয়ানাৰ পৰা মৃতদেহ অসমলৈ অনা হয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
ইফালে, পৰিয়ালৰ দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত ৰমজান আলী আৰু তেওঁৰ সহযোগী ময়নাল হকক আটক কৰিছে।
জানিব পৰা মতে, অভিযুক্ত ৰমজান আলীয়ে ইয়াৰ পূৰ্বেও বিয়াৰ প্ৰলোভন দি দুগৰাকী ছোৱালীক পলুৱাই নিয়াৰ অভিযোগ আছে। স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে, ৰমজান আলী কোনো মানৱ সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত থাকিব পাৰে।
পৰিয়ালৰ অভিযোগ অনুসৰি, কোনো বিষয়ত প্ৰতিবাদ কৰাৰ বাবেই শৰীফা খাতুনক হত্যা কৰা হৈছে। ঘটনাৰ পূৰ্ণ তদন্ত আৰু দোষীক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকে।
ডিজিটেল ডেস্ক, ৭ মে’