নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত প্ৰশাসনে গাঁত খান্দি পুতিলে ৫২৩ বস্তা চাউল

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৭ মে’ : কামৰূপৰ নগৰবেৰাৰ পাহাৰপাৰা ভখুৰাদিয়াত বৃহৎ পৰিমাণৰ জব্দকৃত চাউল প্ৰশাসনে গাঁত খান্দি পুতি থয় | মহামান্য আদালতৰ নিৰ্দেশ মৰ্মে আৰক্ষী প্ৰশাসনৰ নেতৃত্বত মাটিত পুতি থোৱা হয় মুঠ ৫২৩ বস্তা চাউল।

উল্লেখ্য যে ২০২৩ চনতে কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত টুপামাৰীত মজুত কৰি থোৱা অৱস্থাত জব্দ কৰা হৈছিল খাদ্য সুৰক্ষাৰ ৫২৩ বস্তাকৈ চাউল। তেতিয়াৰ পৰাই চাউলখিনি প্ৰশাসনে ছীল কৰি এটা গুদাম ঘৰত ৰাখিছিল । জব্দকৃত চাউলখিনি নষ্ট হৈ যোৱা বাবে আদালতে পুতি থোৱাৰ নিৰ্দেশ জাৰি কৰে।

আদালতৰ নিৰ্দেশ মতে বৃহস্পতিবাৰে কামৰূপৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুনম পেগু, ৰাজহ চক্ৰ বিষয়া মৃগাক্ষী দাস আৰু সমজিলা আৰক্ষী অধীক্ষক জান কিশোৰ গগৈ, আৰক্ষী চক্ৰ বিষয়া, ছয়গাওঁ, নগৰবেৰা আৰক্ষী থানাৰ অ’চি হৰজিৎ দাস, টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চম্পক কলিতা আদি আৰক্ষী আৰু প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত জব্দকৃত চাউলখিনি জেচিবি লগাই মাটিত গাঁত খান্দি পুতি থোৱা হয় |

You might also like