ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে মানৱ অংগৰ চোৰাং ব্যৱসায়ী। দৰিদ্ৰতাক সুযোগ হিচাপে লৈ মানুহৰ জীৱনক লৈ হেতালি খেলা এটা ভয়ংকৰ মানৱ অংগ সৰবৰাহকাৰী চক্ৰক অৱশেষত আটক কৰিছে আৰক্ষীয়ে।
ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰক্ষীৰ এক যুটীয়া অভিযানত এই অংগ সৰবৰাহকাৰী চক্ৰটোৰ ৪জন দালালক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ৪ দালাল ক্ৰমে মাৰ্ঘেৰিটাৰ জাকিৰ হুছেইন (৫৩), শংকৰ চেন্তনু (২৮) আৰু ডিব্ৰুগড়ৰ সমীৰ পল (৩৭) আৰু গোপাল ৰয় (৩১)। আৰক্ষী সূত্ৰই জনোৱা মতে, মাৰ্ঘেৰিটাৰ ৰাজীৱ দে’ (৩৫) নামৰ এজন ব্যক্তিক কাম আৰু ধনৰ প্ৰলোভনেৰে বৃক্ক বিক্ৰী কৰিবলৈ লৈ যাওঁতেই চক্ৰটো ধৰা পৰে।
ঘটনাৰ বিৱৰণী অনুসৰি, ৰাজীৱ দে’ৰ পৰিয়ালৰ লোকে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছতে তিনিচুকীয়াৰ ডিএছপি ফায়েজ আহমেদৰ নেতৃত্বত এক বিশেষ অভিযান চলোৱা হয়। ডিব্ৰুগড় আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত ৪ অভিযুক্তক হাতে-লোটে আটক কৰা হয়। ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তুলিছে। এই বৃহৎ নেটৱৰ্কটোৰ সৈতে ৰাজ্যৰ কোনো নামী-দামী ব্যক্তিগত খণ্ডৰ হাস্পতাল অথবা চিকিৎসক জড়িত আছে নেকি, সেই দিশটোও আৰক্ষীয়ে গভীৰভাৱে পৰ্যবেক্ষণ কৰিছে।
এই ঘটনাই বৰ্তমান সমগ্ৰ মাৰ্ঘেৰিটাৰ লগতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুৰ্ভগীয়া লোকৰ জীৱনক লৈ খেলা কৰা এনে দালাল চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।
নিয়মীয়া বাৰ্তা, মাৰ্ঘেৰিটা, ৮ মে’: