ডিজিটেল ডেস্ক, ৯ মে’ : পঞ্জাবৰ মন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা সঞ্জীৱ অৰোৰাৰ বাসভৱনত শনিবাৰে পুৱা ইডিৰ দলে তালাচী অভিযান চলায়। মন্ত্ৰী আৰু তেওঁৰ কেইবাজনো সহযোগীৰ বিৰুদ্ধে আৰ্থিক খেলিমেলিৰ অভিযোগত এই অভিযান চলোৱা হৈছে বুলি তদন্তকাৰী সংস্থাৰ সূত্ৰে জানিব পৰা গৈছে।
উল্লেখযোগ্য যে এবছৰৰ ভিতৰত তৃতীয়বাৰৰ বাবে মন্ত্ৰীগৰাকীৰ বাসগৃহসহ কেইবাটাও ঠিকনাত ইডিয়ে অভিযান চলায়। আনহাতে, মাত্ৰ এটা মাহৰ ভিতৰতে দুবাৰ তালাচী অভিযান চলাইছে ইডিয়ে। শনিবাৰেও মন্ত্ৰীগৰাকীৰ বাসভৱনসহ চাৰি ঠাইত অভিযান চলায় কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে।
যোৱা এপ্ৰিল মাহতো মন্ত্ৰী অৰোৰাৰ কেইবাটাও ঠিকনাত তালাচী অভিযান চলোৱা হৈছিল। সূত্ৰ অনুসৰি, সেই সময়ত চণ্ডীগড় আৰু দিল্লি-এনচিআৰত থকা মন্ত্ৰীৰ কেইবাটাও ঠিকনাত ইডিয়ে অভিযান চলাইছিল।
শনিবাৰৰ অভিযানক লৈ পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱান্ত মানে কয়- “বিজেপিয়ে কেন্দ্ৰীয় সংস্থাৰ অপব্যৱহাৰ কৰিছে। আজিও সঞ্জীৱ অৰোৰাৰ বাসগৃহত ইডিয়ে অভিযান চলাইছে। এবছৰৰ ভিতৰত তৃতীয়বাৰৰ বাবে ইডি তেওঁৰ ঘৰত উপস্থিত হৈছে। কিন্তু এতিয়ালৈকে কোনোধৰণৰ তথ্য বা প্ৰমাণ লাভ কৰিবলৈ সক্ষম হোৱা নাই।”
উল্লেখ্য যে ২০২৪ চনত লুধিয়ানা (পশ্চিম) সমষ্টিৰ বিধায়ক সঞ্জীৱ অৰোৰাৰ বিৰুদ্ধে আৰ্থিক খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছিল। জানিব পৰা মতে, শনিবাৰে দিল্লী, গুৰগ্ৰাম আৰু চণ্ডীগড়তো ইডিৰ দলে তালাচী অভিযান চলাইছে।