ডিজিটেল ডেস্ক, ১০ মে’ : বেংগালুৰুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাস্থলীৰ তিনি কিলোমিটাৰৰ নিলগত বিস্ফোৰক উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দেওবাৰে বেংগালুৰুৰ কাগালিপুৰাৰ ওচৰৰ এখন আশ্ৰমৰ সমীপত বিস্ফোৰক উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ সৈতে জড়িতৰ সন্দেহত আৰক্ষীয়ে ইতিমধ্যে এজনক গ্ৰেপ্তাৰ কৰিছে।
দেওবাৰে বেংগালুৰুত প্ৰধানমন্ত্ৰী মোদীৰ একাধিক কাৰ্যসূচী আছিল। আৰক্ষীয়ে এক বিবৃতিত জনায় যে মোদীয়ে যি পথেৰে অনুষ্ঠানস্থলীলৈ যায়, সেই পথ পূৰ্বেই বিস্তৃতভাৱে পৰীক্ষা-নিৰীক্ষা কৰা হয়। নিয়মীয়া তালাচীৰ সময়ত দেওবাৰে পুৱাই ফুটপাথৰ কাষৰ পৰা দুডাল জিলেটিন ষ্টিক উদ্ধাৰ হয়। ইয়াৰ পিছতে সভাস্থলীসহ সমগ্ৰ অঞ্চলটোৰ নিৰাপত্তা বহু গুণে বৃদ্ধি কৰা হয়।
খবৰ পাই বোম স্কোৱাড আৰু ফৰেনছিক দল তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনাটোৰ বিস্তৃত তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে যদিও ইয়াৰ পিছত কোনো ব্যক্তি বা চক্ৰ জড়িত আছে নেকি, সেই সন্দৰ্ভত তদন্ত অব্য়াহত আছে। সন্দেহজনক লোকজনক নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
উল্লেখ্য যে বেংগালুৰুৰ কাগালিপুৰাত দ্য আৰ্ট অৱ লিভিং ইন বেংগালুৰু নামৰ প্ৰতিষ্ঠানৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান আছিল ৷ উক্ত অনুষ্ঠানতে অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদী উপস্থিত হৈছিল বেংগালুৰুত ৷ প্ৰধানমন্ত্ৰী মোদী কাগালিপুৰাৰ সভাত উপস্থিত হোৱাৰ পূৰ্বে পুৱাৰ ভাগতে আৰক্ষীয়ে উক্ত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে ৷