নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ১১ মে’, ব’হাগ মাহৰ ২৭ তাৰিখ
সোমবাৰ : তিথি–কৃষ্ণ নৱমী, নক্ষত্র : শ্রৱণা, যাত্রা : নাই

মেষ : আজি যিকোনো শুভ কর্মৰ পৰা বিৰত থাকক৷ হাতলৈ ধন আগমনৰ সম্ভাৱনা৷ ব্যৱসায়ত উন্নতি৷ তীর্থ ভ্রমণৰ যোগ৷ প্রেমত কষ্ট৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ১৷

বৃষ : আজি কর্মক্ষেত্র সূত্রে বিদেশ যাত্রাৰ যোগ আছে৷ নিবনুৱাসকলৰ বাবে কর্মপ্রাপ্তিত বাধা৷ বিবাহৰ যোগাযোগত শুভ৷ প্রেমত সাৱধান৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷

মিথুন : আজি নতুন সংবাদ পাব পাৰে৷ যাত্রা কৰিলে দুপৰীয়া ১২ বজাৰ পিছত কৰিব৷ ব্যৱসায়ত বাধা৷ বিদ্যার্থীসকলে ভবা ফল নাপাব৷ প্রেমত শুভ৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ২৷

কর্কট : আজি অর্থপ্রাপ্তিৰ ক্ষেত্রত সৰু–সুৰা বাধাৰ সন্মুখীন৷ শিক্ষার্থীৰ ক্ষেত্রত সতর্ক থাকক৷ মাটি–বাৰীক লৈ চিন্তা৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৫৷

সিংহ : আজি কর্মস্থানত অত্যধিক কামৰ প্রভাৱ পৰিব৷ আর্থিকত উন্নতি৷ শৰীৰৰ প্রতি যত্ন লোৱা উচিত৷ সন্তানৰ শুভ৷ প্রেমত সন্দেহ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৯৷

কন্যা : আজি দূৰ সংবাদে আনন্দিত কৰিব পাৰে৷ ভ্রমণত শুভ৷ আর্থিক দিশত মধ্যম৷ চলা–ফুৰাত সাৱধান৷ প্রেমত আনন্দ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৩৷

তুলা : জ্বৰ, কাহ হ’ব পাৰে৷ কর্মস্থানত পদোন্নতিৰ যোগ৷ ঘৰলৈ মূল্যৱান বস্তু আহিব পাৰে৷ বিদ্যাত মধ্যম৷ প্রেমত বিবাহৰ যোগ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২৷

বৃশ্চিক : আজি অর্থ আগমনত বাধাৰ সৃষ্টি হ’ব পাৰে৷ আকস্মিকভাৱে হোৱা ঘটনাই আনন্দিত কৰিব৷ শৰীৰ অশুভ৷ বিদ্যাত উন্নতি৷ দাম্পত্যত সুখ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৬৷

মকৰ : আজি চলা–ফুৰা কৰোঁতে সাৱধান হ’ব৷ বিদ্যার্থীসকলে মনোযোগ দিব লাগিব৷ স্বাস্থ্যৰ প্রতি যত্ন ল’ব৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব৷ প্রেমত উৎসাহ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২৷

ধনু : আজি শৰীৰৰ প্রতি যত্ন লোৱা প্রয়োজন৷ মানসিক অশান্তিত ভুগিব পাৰে৷ যাত্রা কৰিলে পূব দিশৰ পৰা কৰিব৷ কর্মত উন্নতি৷ শুভ ৰং ছিলভাৰ, শুভ সংখ্যা ৫৷

কুম্ভ : আজি কর্মত উন্নতিৰ যোগ৷ শিক্ষার্থীৰ বাবে মধ্যম৷ দুর্ঘটনাৰ সম্ভাৱনা, গতিকে সাৱধান৷ ওচৰ–চুবুৰীয়াৰ লগত মতবিৰোধ হ’ব পাৰে৷ প্রেমত বাধা৷ শুভ ৰং কমলা, শুভ সংখ্যা ৮৷

মীন : আজি কর্মত বাধা দেখা যায়৷ যিকোনো কাম কৰাৰ আগতে ভাবি–চিন্তি আগবাঢ়ক৷ অচিনাকি ব্যক্তিৰ পৰা সাৱধান৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷

You might also like