ডিজিটেল ডেস্ক, ১২ মে’ : এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ দেশবাসী। সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত অভিলেখ জনাদেশৰ পিছত ইতিহাস সৃষ্টিৰে দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এক উৎসৱমুখৰ পৰিৱেশত এই শপতগ্ৰহণ অনুষ্ঠান সম্পন্ন হয় ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগতে বিজেপিশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত এই শপতগ্ৰহণ অনুষ্ঠানত এনডিএৰ চাৰিজন মন্ত্ৰীয়েও শপতগ্ৰহণ কৰে। এই শপতগ্ৰহণত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰী হিচাপে ড0 শৰ্মা আৰু আন চাৰিজন মন্ত্ৰীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় ৷
মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সৈতে আজি আন চাৰিজন মন্ত্ৰীয়ে পদ আৰু গোপনীয়তাৰ শপত লয় । ইয়াৰে দুজন বিজেপিৰ পৰা আৰু এজনকৈ মিত্ৰদল অসম গণ পৰিষদ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ পৰা নিৰ্বাচিত হৈছে। শপত লোৱা মন্ত্ৰীসকল হ’ল ৰামেশ্বৰ তেলী (বিজেপি), অজন্তা নেওগ (বিজেপি), অতুল বৰা (অগপ), চৰণ বড়ো (বিপিএফ)। ড0 হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন মন্ত্ৰীসকলে মাতৃভাষাতে শপত লয় ৷ অৱশ্যে এন ডি এৰ মিত্ৰদল বিপিএপৰ চৰণ বড়োৱে বড়ো ভাষাত শপতগ্ৰহণ কৰে ৷
এই ভব্য অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, এনডিএ শাসিত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকল, কেইবাজনো বিদেশী দূত, সত্ৰাধিকাৰ তথা অন্যান্য আমন্ত্ৰিত অতিথিসকলে শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি ড০ শৰ্মা চৰকাৰৰ এই নতুন যাত্ৰাক উৎসাহিত কৰে ।