নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভাৰ প্ৰ’টেম অধ্যক্ষ হিচাপে শপতগ্ৰহণ চন্দ্ৰমোহন পাটোৱাৰীৰ

অসম বিধানসভাৰ ১৬সংখ্যক অধিৱেশনৰ পূৰ্বে বৃহস্পতিবাৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই চন্দ্ৰমোহন পাটোৱাৰীক প্ৰ’টেম অধ্যক্ষ হিচাপে শপতবাক্য পাঠ কৰায়। লোকসেৱা ভৱনৰ সন্মিলন কক্ষত অনুষ্ঠিত এক অনুষ্ঠানত এই শপতগ্ৰহণ কাৰ্য সম্পন্ন হয়।

অনুষ্ঠানৰ আৰম্ভণিতে অসম বিধানসভাৰ সচিব দুলাল পেগুৱে ৰাজ্যপালৰ অনুমতি বিচাৰে। এই অনুষ্ঠানত ৰাজ্যপালৰ আয়ুক্ত আৰু সচিব এছ এছ মীনাক্ষী সুন্দৰম, বিধানসভাৰ বিষয়া আৰু লোকসেৱা ভৱনৰ কৰ্মচাৰীসকল উপস্থিত আছিল।

উল্লেখযোগ্য যে নতুনকৈ গঠন হোৱা টিহু বিধানসভা সমষ্টিৰ পৰা এইবাৰ নিৰ্বাচিত হোৱা চন্দ্ৰমোহন পাটোৱাৰীয়ে অহা ২১ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া বিধানসভাৰ অধিৱেশনত নবনিৰ্বাচিত বিধায়কসকলক শপতবাক্য পাঠ কৰাব।

ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে পূৰ্বৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষ পদৰ বাবে NDA-ৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে। তেওঁ ভৱানীপুৰ-সৰভোগ সমষ্টিৰ বিধায়ক।

ডিজিটেল ডেস্ক, ১৫ মে’

You might also like