নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইলাকান্দিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক এজন

ডিজিটেল ডেস্ক, ১৬ মে’ : হাইলাকান্দি জিলাত ড্ৰাগছবিৰোধী অভিযানত পুনৰ এক বৃহৎ সাফল্য লাভ কৰিছে আৰক্ষীয়ে। শুকুৰবাৰে হাইলাকান্দি থানাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই এজন লোকক আটক কৰাৰ লগতে তেওঁৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন উদ্ধাৰ কৰে।

জানিব পৰা মতে, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) সমীৰ দপ্তৰ বৰুৱাৰ নেতৃত্বত গোপন তথ্যৰ ভিত্তিত গান্গপাৰ ধুমকৰ খণ্ড-২ এলেকাত এই অভিযান চলোৱা হয়। অভিযানত বাহাদুৰপুৰ খণ্ড-২ গাঁৱৰ বাসিন্দা নজিম উদ্দিন মজুমদাৰ (৪২)ক আটক কৰে আৰক্ষীয়ে।

তালাচীৰ সময়ত তেওঁৰ পৰা মুঠ ৫০টা হেৰ’ইন ভৰ্তি ভায়েল উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা হেৰ’ইনখিনিৰ মুঠ ওজন ২৬.১৬ গ্ৰাম বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিয়ে। আৰক্ষীয়ে ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে।

You might also like