নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম জাতীয় পৰিষদ ত্যাগ প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁইৰ

বিধানসভা নির্বাচনৰ পিছতেই হঠাৎ অসম জাতীয় পৰিষদ দল ত্যাগ কৰিলে প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁয়ে৷ সভাপতি লুৰিণজ্যোতি গগৈলৈ পদত্যাগ–পত্র প্রেৰণ কৰা ৰাজেন গোহাঁয়ে ব্যক্তিগত কাৰণত দল ত্যাগ কৰা বুলি উল্লেখ কৰিছে পত্রত৷

উল্লেখ্য যে সদ্যসমাপ্ত বিধানসভা নির্বাচনত অসম জাতীয় পৰিষদৰ পৰা বঢ়মপুৰ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা ৰাজেন গোহাঁইৰ বিজেপি প্রার্থী জিতু গোস্বামীৰ হাতত শোচনীয়ভাৱে পৰাজয় হৈছে৷ নির্বাচনত পৰাজিত হোৱাৰ পিছতে জাতীয়তাবাদে আমুৱা ৰাজেন গোহাঁয়ে বিজেপিলৈ অহাৰ সম্ভাৱনীয়তা ৰাখি পদত্যাগ কৰা বুলি চর্চা চলিছে৷

বিগত সময়ছোৱাত বিজেপিৰ প্রাক্তন কর্মীসকলক সংগঠিত কৰি নিজকে এক শক্তিত পৰিণত কৰিব খোজা ৰাজেন গোহাঁয়ে নির্বাচনৰ প্রাক্ক্ষণত অসম জাতীয় পৰিষদত যোগদান কৰিছিল৷ ৰাষ্ট্রীয়তাবাদৰ পৰা হঠাৎ জাতীয়তাবাদী হৈ উঠা ৰাজেন গোহাঁয়ে নির্বাচনত মুখথেকেচা খোৱাৰ পিছতেই সিদ্ধান্ত সলনি কৰে৷

ইফালে, নির্বাচনৰ ফলাফলৰ পিছতে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে ৰাজেন গোহাঁইক তেওঁৰ ৰাজনৈতিক গুৰু বুলি অভিহিত কৰি পুনৰ বিজেপিলৈ আহিবলৈ আহ্বান জনাইছিল৷ আনকি এইক্ষেত্রত ৰাজেন গোহাঁইক সহায় কৰিম বুলিও ঘোষণা কৰিছিল৷

ৰাজেন গোহাঁয়ে পদত্যাগ কৰাৰ পিছত চর্চালৈ আহিছে বিজেপিত যোগদানৰ সম্ভাৱনীয়তাৰ কথা৷ স্মর্তব্য যে ৰাজেন গোহাঁইৰ পুত্র নৱাৰুণ গোহাঁই বর্তমান ৰাজ্যিক বিজেপিৰ সম্পাদকৰ দায়িত্বত আছে৷ নগাঁও লোকসভা সমষ্টিৰ পৰা চাৰিবাৰ সাংসদ হোৱাৰ লগতে কেন্দ্রীয় চৰকাৰৰ ৰাজ্যিক ৰে’লমন্ত্রী হিচাপে এসময়ত দায়িত্ব লাভ কৰা ৰাজেন গোহাঁয়ে ৰাজ্যিক বিজেপিৰো সভাপতি আছিল৷

কিন্তু বিগত ২০২৪ চনত বিজেপিৰ নেতৃত্বৰ প্রতি ক্ষোভ প্রকাশ কৰি দল এৰিছিল ৰাজেন গোহাঁয়ে৷ পদত্যাগ–পত্র দাখিলৰ পিছত ৰাজেন গোহাঁইৰ পৰৱর্তী পদক্ষেপ কি হ’ব, সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷

বিশেষ বার্তা, নগাঁও, ১৯ মে’

You might also like