হৰমুজ প্রণালী : অহা মাহত ফ্রান্সত মোদী-ট্রাম্পৰ বৈঠক
ডিজিটেল ডেস্ক, ২১ মে’ : ইৰান যুদ্ধৰ জুয়ে দহিছে সমগ্র মধ্যপ্রাচ্য৷ মহাসংকটত হৰমুজ প্রণালী৷ যুদ্ধৰ আঁচোৰ পৰিছে ভাৰততো৷ তেনে পৰিস্থিতিত অহা মাহত ফ্রান্সত বৈঠকত মিলিত হ’বলৈ ওলাইছে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷ এই কথা জানিব পৰা গৈছে সূত্রৰ খবৰত৷ এই দুগৰাকী ‘মহান বন্ধু’ৰ এই বৈঠকৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি ৰাখিছে সমগ্র বিশ্বই৷
অহা ১৫ৰ পৰা ১৭ জুনলৈ ফ্রান্সত অনুষ্ঠিত হ’ব জি–৭ সন্মিলন৷ তাত উপস্থিত থকাৰ কথা মোদী আৰু ট্রাম্প৷ সূত্রৰ খবৰ মতে, তাতেই দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব পাৰে দুয়োগৰাকী ৰাষ্ট্র নেতা৷ যদি বৈঠক অনুষ্ঠিত হয় তেনেহ’লে যোৱা ডেৰ বছৰৰ ভিতৰত এয়াই প্রথমবাৰৰ বাবে মুখামুখিকৈ আলোচনাত বহিব মোদী আৰু ট্রাম্প৷ অন্তিমবাৰ ২০২৫ চনৰ ফেব্রুৱাৰীত হোৱাইট হাউছত তেওঁলোক বৈঠকত মিলিত হৈছিল৷
উল্লেখ্য যে ভাৰত জি–৭ৰ স্থায়ী সদস্য নহ’লেও বিশেষভাৱে আমন্ত্রিত দেশ হিচাপে নিয়মিতভাৱে এই সন্মিলনত ভাগ লৈ আহিছে৷ এই বছৰ ফৰাচীৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্র’নেও জি–৭ সন্মিলনত উপস্থিত থকাৰ বাবে মোদীক আমন্ত্রণ জনাইছে৷
বিশ্বৰ অন্যতম গুৰুত্বপূর্ণ সামুদ্রিক জলপথ হৰমুজত সৃষ্টি হোৱা অচলাৱস্থাই বিশ্বৰ সকলো ৰাষ্ট্রকে চিন্তিত কৰি তুলিছে৷ পাৰস্য উপসাগৰ আৰু ওমান উপসাগৰৰ মাজত অৱস্থিত এই ঠেক প্রণালীটোৰে প্রতিদিনে প্রায় ২০ৰ পৰা ২২ মিলিয়ন বেৰেল অপৰিশোধিত তেল ৰপ্তানি হয়৷ এয়া সমগ্র বিশ্বতে সাগৰীয় পথেৰে সৰবৰাহ হোৱা মুঠ অপৰিশোধিত তেলৰ প্রায় এক পঞ্চমাংশ৷ তেলৰ উপৰি উল্লেখযোগ্য পৰিমাণৰ প্রাকৃতিক গেছ বিশেষকৈ তৰলীকৃত প্রাকৃতিক গেছ এই পথেৰে বিশ্বৰ বজাৰ পায়গৈ৷ কিন্তু যুদ্ধৰ ফলত বিশ্বব্যাপী চাপ সৃষ্টি কৰাৰ বাবে হৰমুজ প্রণালী ৰুদ্ধ কৰি ৰাখিছে ইৰানে৷
ইফালে, তেহৰানৰ ওপৰত ওলোটাই চাপ দিবলৈ হৰমুজক ঘেৰি ৰাখিছে একাধিক মার্কিন যুদ্ধ জাহাজেও৷ ইয়াৰ ফলত ভাৰতসহ বিশ্বৰ অধিকাংশ দেশত ইন্ধনৰ সংকট সৃষ্টি হৈছে৷ এই প্রতিকূল পৰিস্থিতিত অহা মাহত দুয়োগৰাকী ৰাষ্ট্র নেতাৰ মাজত কি আলোচনা হয়, তাৰ ওপৰত নজৰ ৰাখিছে সমগ্র বিশ্বই৷