ভাৰতৰ মুখ্য ন্যায়াধীশৰ মন্তব্যৰ বিৰোধিতাত আৰম্ভ হোৱা ‘ককৰোচ জনতা পাৰ্টী’ (CJP)-ৰ X একাউণ্ট বন্ধ কৰি দিয়া হৈছে। যোৱা কেইদিনমান ধৰি এই অনলাইন পাৰ্টীটোক লৈ ইণ্টাৰনেটত ব্যাপক চৰ্চা চলি আছিল।
CJP-ৰ প্ৰতিষ্ঠাপক অভিজিক দীপকে দাবী কৰিছে যে প্ৰথমে এই একাউণ্টটো হেক কৰাৰ চেষ্টা চলোৱা হৈছিল। হেক কৰিব নোৱাৰাত শেষত একাউণ্টটো বন্ধ কৰি দিয়া হয়। X প্লেটফৰ্মত পাৰ্টীটোৰ ১.৬ লাখতকৈ অধিক অনুসৰণকাৰী আছিল, আনহাতে ইনষ্টাগ্ৰামত অনুসৰণকাৰীৰ সংখ্যা ১৩ মিলিয়নৰো অধিক হৈছে।
X-ত পাৰ্টীটোৰ একাউণ্ট খুলিবলৈ চেষ্টা কৰিলে “আইনী দাবীৰ বাবে এই একাউণ্টটো withheld কৰা হৈছে” বুলি বাৰ্তা দেখা গৈছে।
CJP নামৰ এই অনলাইন অভিযান ১৬ মে’ত আৰম্ভ হৈছিল। মুখ্য ন্যায়াধীশে কিছু বিশেষ নিবনুৱা যুৱকৰ আচৰণৰ বিষয়ে মন্তব্য কৰাৰ সময়ত ‘ককৰোচ’ শব্দ ব্যৱহাৰ কৰিছিল। ইয়াৰ বিৰোধিতা কৰি অভিজিত দীপকেই লিখিছিল — “যদি সকলো ককৰোচ একেলগ হয় তেন্তে কি হ’ব?”
তাৰ পিছতে ছ’চিয়েল মিডিয়াত ‘Cockroach Janata Party’ নামত অভিযান আৰম্ভ হয় আৰু দ্ৰুতগতিত বহু লোকে ইয়াৰ সৈতে জড়িত হয়। ইনষ্টাগ্ৰামত অনুসৰণকাৰীৰ সংখ্যাৰ ক্ষেত্ৰত CJP-এ কেন্দ্ৰীয় শাসক দল বিজেপিক অতিক্ৰম কৰিছে বুলি দাবী কৰা হৈছে। প্ৰতিবেদন অনুসৰি প্ৰায় ৬ লাখ লোকে ইতিমধ্যে নিজকে এই সংগঠনৰ সৈতে পঞ্জীয়ন কৰিছে।
৩০ বছৰীয়া অভিজিত মহাৰাষ্ট্ৰৰ পুনেৰ বাসিন্দা। তেওঁ সাংবাদিকতাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ গৈছিল। তাত তেওঁ বিখ্যাত বষ্টন বিশ্ববিদ্যালয়ৰ পৰা Public Relations বিষয়ত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰে।
পেছাগতভাৱে তেওঁ এজন ৰাজনৈতিক পৰিকল্পনাকাৰী, যিয়ে বিভিন্ন ৰাজনৈতিক দলৰ বাবে ডিজিটেল কৌশল প্ৰস্তুত কৰে।
‘Cockroach Janata Party’-ৰ ৱেবছাইটো লাইভ হৈছে আৰু দলটোৱে নিজৰ মেনিফেষ্টোও প্ৰকাশ কৰিছে। ইয়াত মুখ্য ন্যায়াধীশক অৱসৰৰ পিছত ৰাজ্যসভালৈ নপঠিওৱা, সংসদত আসনৰ সংখ্যা বৃদ্ধি নকৰাকৈ মহিলাসকলৰ বাবে ৫০ শতাংশ সংৰক্ষণ, আৰু দল বদল কৰা সাংসদ-বিধায়কৰ ওপৰত ২০ বছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নিষিদ্ধ কৰাৰ দৰে বহু দাবী উত্থাপন কৰা হৈছে।
ডিজিটেল ডেস্ক, ২১ মে’