নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত ড্ৰাগছবিৰোধী অভিযানত হেৰʼইনভৰ্তি কণ্টেইনাৰসহ আটক এজন

নিয়মীয়া বাৰ্তা, বাঘবৰ, ২১ মে’ : বৰপেটাৰ জিলাৰ বাঘবৰ আৰু মন্দিয়া আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। যোৱানিশা এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মাইনা দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে মাণিকপুৰ গাঁও নিৱাসী ঠাণ্ডু মিঞাৰ বাসগৃহত ড্ৰাগছবিৰোধী এক অভিযান চলায়।

অভিযান কালত দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলটোত মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেপাৰ চলোৱা ঠাণ্ডু মিঞাৰ পুত্ৰ ৰহম আলীক প্ৰায় এশটা সন্দেহযুক্ত হেৰʼইনভৰ্তি কণ্টেইনাৰসহ আটক কৰিবলৈ সক্ষম হয়। অভিযানকালত আৰক্ষীয়ে ধৃত ৰহম আলীৰ পৰা প্ৰায় ১০০টা সন্দেহযুক্ত হেৰʼইনভৰ্তি কণ্টেইনাৰ, ১৩৪টা খালী কণ্টেইনাৰ, নগদ ৭৭০০ টকা আৰু এটা মোবাইল ফোন আৰক্ষীৰ দলটোৱে জব্দ কৰে। অৱশ্যে ঘটনাস্থলীত পৰৱৰ্তী সময়ত বাঘবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণ কমল বৰদলৈয়ে ঘটনাস্থলীত উপস্থিত হৈ পিছলৈ যুটীয়াভাৱে অভিযান চলায়।

বাঘবৰ আৰু মন্দিয়া আৰক্ষী চকীৰ দুই ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা এই বৃহৎ অভিযানক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। পৰৱৰ্তী সময়ছোৱাতো আৰক্ষীক এনেধৰণৰ অবৈধ ঘাটিসমূহ উৎখাত কৰাৰ সমান্তৰালকৈ সৰবৰাহৰকাৰীক আটক কৰিবলৈ আহ্বান জনাইছে সকলোৱে।

ইফালে, আটকাধীন ৰহম আলীক বাঘবৰ আৰক্ষীয়ে থানালৈ নিশাই লৈ যায় আৰু পৰৱৰ্তী সময়ত এটা গোচৰ পঞ্জীয়ন কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা যায় ।

You might also like