নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ গৃহযুদ্ধ নহয় । প্ৰাকৃতিক দুৰ্যোগো নহয় । আকাশ খহি পৰা নাই । বতাহো স্থবিৰ হোৱা নাই । কিন্তু এক ভয়ংকৰ বাস্তৱৰ সন্মুখত আজি বিশ্ববাসী । এই পৃথিৱী, এই সময় অনেক অবিস্মৰণীয় ঘটনাৰ সাক্ষী হৈ ৰৈছে । গৃহযুদ্ধই নিশ্চিহ্ন কৰিছে দেশৰ পিছত দেশ । দুৰ্যোগত বিধ্বস্ত হৈছে বহু উপত্যকা , বহু সভ্যতা । প্লেগৰ দৰে মাৰণ ৰোগত ছাৰখাৰ হৈ গৈছে ইউৰোপ । বিশ্বৰ মানচিত্ৰৰ এচুকত থকা অসম নামৰ এই সৰু ভূ-খণ্ডৰ ওপৰেদিও পাৰ হৈ গৈছে বহু প্ৰতিকূল সময় । ভূমিকম্প-বানপানী আৰু বহু ভয়াৱহ দুৰ্দিনৰ সাক্ষী হৈছে অসমবাসী । বিশ্বযুদ্ধৰ দৰে ভয়ংকৰ দিনো চকুৰ পচাৰতে পাৰ হৈ গৈছে । অনাহাৰ, দুৰ্ভিক্ষ অনায়াসে পাৰ কৰিছে । অথচ এনে দিন কেতিয়াও অহা নাছিল যে বাপতিসাহোন ৰঙালী বিহুটোকো বুকুৰ মাজতে সামৰি থ’ব লাগিব । ক’ৰোনা নামৰ এক মহাপ্ৰলয়ৰ গ্ৰাসত আজি সমগ্ৰ মানৱ জাতি । ক’ৰোনা এনে এক ভাইৰাছ, যিয়ে কোনো ভৌগোলিক সীমা মনা নাই, শ্ৰেণীবৈষম্য বুজা নাই । ঘূৰি ফুৰিছে মানুহৰ ঘৰৰ দুৱাৰে দুৱাৰে । ঘাতকৰ ৰূপ লৈ আৰম্ভ কৰিছে উদ্দাম নৃত্য । হোৱাইট হাউছৰ পৰা চিৰিয়াখানালৈ , মানুহৰ পৰা ইতৰ জন্তুলৈ কাকো ৰেহাই দিয়া নাউ । সকলো শংকিত, কম্পিত । দুৱাৰ খুলিলেই ক’ৰোনাই সাবটি লোৱাৰ ভয় । গৃহবন্দিত্বই আত্মৰক্ষাৰ একমাত্ৰ পথ । দুৱাৰখনত যেন ৰৈ আছে ঘাতক ক’ৰোনা আৰু পদূলিমুখত ৰৈ ৰিঙিয়াই আছে হেঁপাহৰ ৰঙালী বিহুটিয়ে । চ’তৰ চোকা ৰ’দ, ধূলি উৰুৱাই বৈ থকা বতাহ , নতুনকৈ কুঁহিপাত মেলিবলৈ সাজু হৈ উঠা গছ-বিৰিখ সকলো প্ৰস্তুত ।
ব’হাগ আহিবই , বিহুৰ সংক্ৰান্তিও আহিব । পিছে বিহুবলীয়া ৰাইজ এইবেলি গৃহবন্দী । প্ৰকৃতিৰ আয়োজনত ক’তো, কোনো ক্ৰুটি নাই । কিন্তু অসমীয়াৰ হেঁপাহৰ বিহুটি উদযাপনৰ বাবে এইবাৰ কাৰো মনত নাই উৎসাহ । চ’তৰ উৰুঙা দুপৰীয়া ভাহি অহা নাই ঢোলৰ গুমগুমনি , বাজি উঠা নাই পেঁপা-গগণা । তাঁতশালৰ শব্দতো গুঞ্জৰিত হোৱা নাই অসমৰ আকাশ-বতাহ । ৰোগাক্ৰান্ত মনৱ সভ্যতা, বিহুৰ উৎসাহো তেনেই স্তিমিত । এনে দিন কাহানিও অহা নাছিল যে বিহুৰ বতৰত অসমীয়া ৰাইজ বিহুতলীলৈ যোৱা নাই । পথাৰবোৰ উকা হৈ ৰৈছে । তাঁতশালবোৰ নিজম পৰি ৰৈছে । ঢোলত টান দিয়া নাই , নাঙলত শাল দিয়া নাই । এক অভূতপূৰ্ব সময়ৰ সাক্ষী হৈ ৰৈছে অসমবাসী । অসহায় হৈ এই দুঃসময় অতিক্ৰম কৰাৰ বাহিৰে কাৰো ওচৰত আন কোনো বিকল্প নাই । প্ৰলয়ংকাৰী ভূমিকম্প, ভেটি উছন কৰা বানপানী, আনকি বিশ্বযুদ্ধৰ প্ৰহেলিকাৰ মাজতো অসমীয়া ৰাইজ বিহুৰ পৰা বিৰত নাছিল । কাৰণ বিহু আমাৰ বাপতিসাহোন, জাতীয় জীৱনৰ সাহ । অসমৰ প্ৰতৃতিত যদিও ব’হাগৰ সুঁহুৰি বাজিছে, বিহুটো আনন্দেৰে উদযাপনৰ কিন্তু ক’তো অৱকাশ নাই । বিচ্ছিন্নতা যেতিয়া জীয়াই থকাৰ প্ৰাথমিক চৰ্ত হৈ পৰিছে , বিহুতলীবোৰ স্বাভাৱিকতেই উকা-উৰুঙা হৈ ৰৈছে । অসমৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হাজাৰ হাজাৰ বিহুৰ কাৰ্যক্ৰম ইতিমধ্যে বাতিল কৰা হৈছে । বহুতেই বিহুৰ পতাকা উত্তোলন কাৰ্যসূচীও অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে । অসমৰ গাঁৱত এতিয়া বিহু নাই । আছে ভয়-শংকা আৰু দুশ্চিন্তা । চহৰতো শূন্য বাট-পথ । উদং বিহুতলী । ক’ৰোনাবন্দী জনগণ । বিহুৰ উদযাপন বাদেই, বিহুৰ বতৰত গাঁৱৰ ঘৰলৈ যোৱাৰ আশাও ক্ৰমাৎ ক্ষীণ হৈ আহিছে । এনে নিৰুপায় পৰিস্থিতিত এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যবাসী বিহুবিহীন ব’হাগৰ সাক্ষী হৈ ৰ’ব ।