কয়লা খনিত ভয়াৱহ বিস্ফোৰণত কমেও ৯০জনৰ জীৱন শেষ
ডিজিটেল ডেস্ক, ২৩ মে’ : চীনত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। কয়লা খনিত হোৱা ভয়াৱহ বিস্ফোৰণৰ ফলত কমেও ৯০জন লোকৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছে। সূত্ৰৰ খবৰ অনুসৰি, এতিয়াও খনিটোৰ ভিতৰত বহু লোক আবদ্ধ হৈ আছে। যুদ্ধকালীন তৎপৰতাৰে চলিছে উদ্ধাৰ অভিযান।
তথ্য অনুসৰি, শুকুৰবাৰে সন্ধিয়া ৭:৩০ বজাত উত্তৰ শ্বানসি প্ৰদেশৰ চাংঝি চহৰৰ লিউশ্বেনিউ কয়লা খনিত হঠাৎ বিস্ফোৰণ ঘটে। সেই সময়ত খনিটোৰ ভিতৰত ২৪৭জন শ্ৰমিকে কাম কৰি আছিল। জানিব পৰা মতে, খনন কাৰ্য চলি থকা সময়ত হঠাৎ খনিটোৰ ভিতৰত বিষাক্ত কাৰ্বন মন’ক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পায়। ইয়াৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। বিস্ফোৰণৰ লগতে খনিটোৰ ভিতৰত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হোৱা বুলিও খবৰ প্ৰকাশ পাইছে।
ঘটনাৰ খবৰ পোৱাৰ পিছতেই আৰক্ষী, উদ্ধাৰকাৰী দল আৰু এম্বুলেন্স ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। এই ভয়ংকৰ দুৰ্ঘটনাত এতিয়ালৈকে ৯০জন লোকৰ মৃত্যুৰ খবৰ নিশ্চিত কৰা হৈছে। যদিও মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে। অৱশ্যে এতিয়াও কিমানজন শ্ৰমিক খনিটোৰ ভিতৰত আবদ্ধ হৈ আছে সেয়া স্পষ্টকৈ জনোৱা নাই চীন প্ৰশাসনে।
চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে প্ৰশাসনক যুদ্ধকালীনভাৱে উদ্ধাৰকাৰ্য চলাবলৈ নিৰ্দেশ দিছে। কয়লা খনিটোত আবদ্ধ লোকসকলক উদ্ধাৰৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ গাফিলতি নহয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
উল্লেখ্য যে চীনত কয়লা খনিত দুৰ্ঘটনা আৰু মৃত্যুৰ ঘটনা প্ৰায়েই সংঘটিত হৈ থাকে। ইয়াৰ বাবে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ চৰকাৰ বাৰে বাৰে সমালোচনাৰ সন্মুখীন হয়। অভিযোগ অনুসৰি, খনি শ্ৰমিকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে পৰ্যাপ্ত গুৰুত্ব নিদিয়ে। কয়লাখনিত দুৰ্ঘটনা হ্ৰাস কৰিবলৈ ২০০০ চনত বেইজিঙে বিশেষ কিছু নিয়ম-কানুন প্ৰৱৰ্তন কৰিছিল যদিও তাৰ পিছতো এই ধৰণৰ দুৰ্ঘটনা নিয়ন্ত্ৰণলৈ আনিব পৰা হোৱা নাই।