ডিজিটেল ডেস্ক, আগমনি, ২৩ মে’ : ধুবুৰী জিলাৰ আগমনি আৰক্ষীৰ জালত পৰিল দুই নকল সোণ ব্যৱসায়ী। আগমনি আৰক্ষী থানাৰ অন্তৰ্গত সিন্দুৰাই গাঁৱৰ আব্দুল ছালাম আলী আৰু বেলগুৰিৰ আনোৱাৰ হুছেইনে দীৰ্ঘদিন ধৰি নকল সোণৰ ৰমৰমীয়া বেহা চলাই আছিল।
অভিযোগ মতে, প্ৰায় এমাহ পূৰ্বে দুই নকল সোণ মাফিয়াই ঝাৰখণ্ডৰ এগৰাকীক চাৰি লাখ টকাৰ বিনিময়ত নকল সোণ বিক্ৰী কৰিছিল। পৰৱৰ্তী সময়ত ঝাৰখণ্ডৰ ব্যক্তিগৰাকীয়ে নকল সোণ বুলি জানিবলৈ পাই সোণ মাফিয়া দুজনৰ বিৰুদ্ধে আগমনি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আগমনি আৰক্ষীয়ে যোৱানিশা নকল সোণৰ ব্যৱসায়ী দুজনক আটক কৰে।
আৰক্ষীয়ে কেৱল এই দুজনক আটক কৰিয়ে দায়িত্ব সামৰিব নে নকল সোণৰ চক্ৰটো উৎখাত কৰিব, সেয়া হব লক্ষণীয়।