নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঈদ-উল আজহা : ধুবুৰীৰ বজাৰত ক্ৰমশঃ ঊৰ্ধ্বমুখী শাক-পাচলি, মাংসৰ দাম

পূজা-পাৰ্বণ আহিলেই ধুবুৰীৰ বজাৰত মূল্যবৃদ্ধি ঘটিবলৈ লোৱাটো এক স্বাভাবিক ঘটনাত পৰিণত হৈছে। ঠিক অনুৰূপে, ইছলামধৰ্মী লোকৰ পৱিত্ৰ ঈদ-উল আজহাৰৰ আগে আগে ধুবুৰীৰ বজাৰত শাক-পাচলী আৰু মাংসৰ দাম ক্ৰমশঃ উৰ্ধমুখী হ’বলৈ লোৱা দেখা গৈছে।

ইতিমধ্যে ধুবুৰী চহৰৰ নিউমাকের্টৰ পাচলি বজাৰত জলকীয়াৰ খুচুৰা মূল্যই চেঞ্চুৰিৰ ঘৰ স্পৰ্শ কৰিছে। বজাৰখনত জলকীয়াৰ খুচুৰা মূল্য হৈছে গৈ কেজি প্ৰতি এশ টকা। বৰ্তমানে ধুবুৰীত বন্ধাকবিৰ খুচুৰা দাম কেজি প্ৰতি ৫০ টকা, ফুলকবি ৬০ টকা, বিলাহী ৫০ টকা, পটল ৬০ টকা, ভেণ্ডি ৪০ টকা আৰু জিকাৰ খুচুৰা মূল্য কেজি প্ৰতি ৪০ টকা।

আনহাতে, চহৰখনৰ নিউ মাৰ্কেটৰ পাচলি বজাৰত ১০০ গ্ৰাম ধনিয়া পাতৰ দাম হ’ল ১৫ টকা। ইপিনে শাক-পাচলিৰ মূল্যবৃদ্ধিৰ সৈতে ফেৰ মাৰি ধুবুৰীত অকষ্মাতে লোকাল মুৰ্গীৰ দাম আকাশলংঘী হৈ পৰিবলৈ লোৱা দেখা গৈছে।

ধুবুৰীৰ মুৰ্গীৰ বজাৰত লোকাল মুৰ্গীৰ দাম বৰ্তমানে কেজিত ছশ টকা। আনহাতে, সোনালী মুৰ্গী তথা স্থানীয় ভাবে জিএছটি নামৰ মুৰ্গী বিধৰ দাম ধুবুৰী চহৰৰ দুটাকৈ বজাৰত বৰ্তমানে ভিন্ন ভিন্ন। আজি চহৰখনৰ নিউ মাৰ্কেটৰ মুৰ্গী বজাৰত জিএছটি নামৰ মুৰ্গী বিধৰ দাম কেজিত ৫শ টকা বিচৰাৰ বিপৰীতে ধুবুৰীৰে বউ বজাৰৰ মুৰ্গী বজাৰত জিএছটি মুৰ্গী বিধৰ দাম হৈছে ৪শ টকা।

বৰ্তমানে ধুবুৰীত গোটা ব্ৰয়লাৰ মুৰ্গীৰ কেজি হৈছে ১৬০ টকা; আৰু আনহাতে কটা নিলে সেই দাম হয়গৈ কেজি প্ৰতি ২৪০ টকা। ইফালে, মুৰ্গীৰ মাংসৰ সমান্তৰালকৈ ধুবুৰীত খাহি, পঠা মাংসৰ দামো বৃদ্ধি পাবলৈ লোৱা বুলিও জানিব পৰা গৈছে।

ইয়াতে উল্লেখনীয় যে, দীৰ্ঘদিনৰ পৰা ধুবুৰীৰ একাংশ অসাধু মাংস ব্যৱসায়ীয়ে, স্থানীয় ভাষাত হাইল’ন নামৰ এবিধ পঠা, উচ্চ মানদণ্ডৰ বুলি চেগ বুজি আভুৱা নথকা গ্ৰাহকক বিক্রি কৰি থকাৰো অভিযোগ আছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৩ মে’

You might also like