পাকিস্তানৰ হকী খেলুৱৈৰ দুর্দশা, খেলুৱৈয়ে দৈনিক ভাট্টা হিচাপে পাব ৩৩৫ টকা
ডিজিটেল ডেস্ক, ২৪ মে’ : আকৌ এবাৰ পোহৰলৈ আহিল পাকিস্তানৰ হকী খেলুৱৈৰ দুর্দশা৷ পাকিস্তান হকী ফেডাৰেচনৰ আর্থিক অৱস্থা ইমানেই বেয়া যে বিশ্বকাপৰ পূর্বে দৈনিক ভাট্টাও সঠিকভাৱে পোৱা নাই ৰাষ্ট্রীয় দলটোৰ খেলুৱৈসকলে৷ বিশ্বকাপৰ বাবে সাজু হোৱা পাকিস্তান জাতীয় হকী দলৰ খেলুৱৈসকলে দৈনিক ভাট্টা সঠিকভাৱে লাভ কৰা নাই৷
সংবাদ প্রতিষ্ঠানে সদৰী কৰা মতে, আর্থিক সমস্যাৰ বাবে ৰাষ্ট্রীয় শিবিৰৰ খেলুৱৈসকলৰ দৈনিক ভাট্টা ১১ ডলাৰ (পাকিস্তানী মুদ্রাত ৩ হাজাৰ টকা)ৰ পৰা ৩.৫০ ডলাৰ (পাকিস্তানী মুদ্রাত ১ হাজাৰ টকা)লৈ হ্রাস কৰা হৈছে৷ অর্থাৎ ভাৰতীয় মুদ্রাত পাকিস্তানী হকী খেলুৱৈৰ দৈনিক ভাট্টা ১০৫৩ টকাৰ পৰা ৩৩৫ টকালৈ হ্রাস কৰা হৈছে৷ খেলুৱৈসকলে এই ধনো সঠিকভাৱে পোৱা নাই৷
উল্লেখ্য যে অহা আগষ্ট মাহত নেদাৰলেণ্ডছ আৰু বেলজিয়ামত অনুষ্ঠিত হ’ব হকী বিশ্বকাপ৷ প্রশিক্ষক আৰু খেলুৱৈসকলে বিদেশ ভ্রমণলৈ গ’লে দৈনিক ১১০ ডলাৰ (প্রায় ১০,৫০০ টকা) ভাট্টা পোৱাৰ কথা৷ কিন্তু এই টকা পোৱাৰ ক্ষেত্রতো সন্দেহৰ সৃষ্টি হৈছে৷
ইপিনে, পিএইচএফৰ এগৰাকী বিষয়াই জনোৱা মতে প্রস্তুতি শিবিৰত থকা জ্যেষ্ঠ খেলুৱৈসকলে ফেডাৰেচনক তেওঁলোকৰ প্রাপ্য দৈনিক ভাট্টা নিশ্চিত কৰিবলৈ অনুৰোধ জনাইছে৷ ইপিনে, ৰাষ্ট্রীয় দলৰ এগৰাকী খেলুৱৈয়ে ক্ষোভ প্রকাশ কৰি কয় যে আমাক কোৱা হৈছে যে আমাক ৩৩৫ টকা দৈনিক ভাট্টা দিয়া হ’ব৷ যদি এই কথা সঁচা হয়, তেন্তে ৰাষ্ট্রীয় শিবিৰৰ খেলুৱৈসকলৰ বাবে ই অতি অপমানজনক হ’ব৷