নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঈদৰ পূৰ্বে বোকাখাতত অবৈধভাৱে গৰু সৰবৰাহ কৰা ট্ৰাক জব্দ

ডিজিটেল ডেস্ক, ২৪ মে’ : ৰাজ্যত অবৈধভাৱে গৰু সৰবৰাহ চলি থকাৰ মাজতে ঈদৰ পূৰ্বে বোকাখাতত শনিবাৰে নিশা এখন অবৈধ গৰুভৰ্তি ট্ৰাক জব্দ হয় ৷ শদিয়াৰ বজাৰৰ পৰা ২১টাকৈ গৰুভৰ্তি AS 23-DC-6261 নম্বৰৰ ট্ৰাকখনে দেৰগাঁও ৰঙামাটিৰ টোলগেট মহটিয়াই তীব্ৰ বেগে নগাঁৱৰ দিশে আহি থকা অৱস্থাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি বিচিত্ৰ বৰাৰ নেতৃত্বত এটি দলে ট্ৰাকখন অনুসৰণ কৰে ৷

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাই ট্ৰাকখন অনুসৰণ কৰাৰ উমান পাই বোকাখাত আৰক্ষী থানাৰ গেটৰ সন্মুখতে অবৈধ গৰুভৰ্তি ট্ৰাকখন ৰখাই ট্ৰাকখনত থকা পাঁচজনীয়া দলৰ চাৰিজনে পলায়ন কৰে ৷ ট্ৰাকখনত থকা আৰশ্ৰভ আলীক আৰক্ষীয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ৷ ট্ৰাকখনত থকা চালক ৰিয়াজ আলী আৰু ছইদুল ইছলামৰ নাম জানিব পৰা হৈছে যদিও বাকী দুজনৰ নাম জানিব পৰা হোৱা নাই ৷

You might also like