- ঈদৰ প্ৰাক মুহূৰ্তত বিলাসীপাৰাত সংঘটিত হল মৰ্মান্তিক ঘটনা।
- ৰেল আস্থানৰ পানীৰ টেংকিৰ কাম কৰিবলৈ গৈ অকাল মৃত্যুক সাবটিলে দুজন শ্ৰমিক।
- আস্থানটোৰ আৱাসীসকলৰ খোৱাপানীৰ বাবে স্থাপনৰ কৰিবলৈ লৈছিল টেংকীটো।
- নজন শ্ৰমিকে সু-উচ্চ টাৱাৰত টেংকিটো স্থাপন কৰিবলৈ লওঁতে সংঘটিত হয় দুৰ্ঘটনাটো।
- টাৱাৰটোৰ পৰা টেংকি সৰি পৰে তিনি শ্ৰমিকৰ শৰীৰত।
- চাপৰ গাছপাৰাৰ ছিদ্দিক সেখ (৬০), হাতীপোতাৰ ছাইফুল ইছলাম (৪৩)ৰ থিতাতে মৃত্যু হয়।
- চাপৰ ৰৌমাৰীৰ আবু বক্কৰ সেখ (২৭) আহত হৈ চিকিৎসাধীন হৈ আছে।
- বাকী শ্ৰমিকসকলেও কম বেছি পৰিমানে আহত হৈছে বুলি জানিব পৰা গৈছে।
- দুৰ্ঘটনাটো ঠিকাদাৰে শ্ৰমিকসকলৰ নিৰাপত্তা ব্যৱস্থা নৰখাৰ বাবেই সংঘটিত হোৱাৰ অভিযোগ উঠিছে।
ডিজিটেল ডেস্ক, ২৬ মে’