নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজে জিকাবও পাৰে, হৰুৱাবও পাৰে— নতুন বিধায়কক মুখ্যমন্ত্ৰীৰ বাৰ্তা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য প্ৰকাশ কৰি অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে উন্নয়ন, শান্তি, সামাজিক সম্প্ৰীতি আৰু নতুন অসমৰ দিশত চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰিলে।

মুখ্যমন্ত্ৰীয়ে কয় যে চলিত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে প্ৰায় ১ কোটি ভোট লাভ কৰিছে। আদিবাসী অধ্যুষিত আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ১০০ শতাংশ সমষ্টিত NDA প্ৰাৰ্থী জয়ী হোৱাৰ লগতে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৯৯ শতাংশ আসনতো NDAক আশীৰ্বাদ দিছে অসমৰ ৰাইজে। এই ফলাফলৰ বাবে অসমবাসীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে তেওঁ।

ইফালে, ৰাজনীতিত অহংকাৰক “ঘোৰ শত্ৰু” বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে নতুন বিধায়কসকলক বিনয় আৰু জনসেৱাৰ মনোভাৱ লৈ আগবাঢ়িবলৈ আহ্বান জনায়। তেওঁ কয় যে ৰাইজে যিদৰে জিকাব পাৰে, তেনেদৰে হৰুৱাবও পাৰে। অহংকাৰ আৰু উন্নয়নৰ বিৰোধিতাৰ ফলতেই যোৰহাটত গৌৰৱ গগৈ পৰাজিত হোৱা বুলি মন্তব্য কৰে তেওঁ।

সংস্কৃতি ক্ষেত্ৰৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক “ৰাষ্ট্ৰৰ সম্পদ” বুলি অভিহিত কৰি তেওঁক ৰাজনীতিৰ বাবে ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়। জুবিন গাৰ্গক জীৱনকালত সমালোচনা কৰা কিছুমান ৰাজনীতিবিদে মৃত্যুৰ পিছত ৰাজনৈতিক স্বাৰ্থত তেওঁৰ সমাধিলৈ গৈছিল বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

উন্নয়ন আৰু উদ্যোগৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ ৰাইজে উদ্যোগপতিক বেয়া নাপায়, বৰঞ্চ উন্নয়নৰ পক্ষত থকাসকলক সমৰ্থন কৰে। অসমবাসীয়ে মান্ধাতাযুগত বাস কৰিব নিবিচাৰে বুলি উল্লেখ কৰি তেওঁ আধুনিক আৰু বিকাশমুখী অসমৰ পক্ষে মত প্ৰকাশ কৰে।

শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কয় যে অসমত এতিয়া বোমা-বিস্ফোৰণৰ শব্দত ৰাতি কটাব নালাগে। ৰাজ্যখন শান্তি-সমৃদ্ধিৰ নতুন দ্বীপলৈ ৰূপান্তৰিত হৈছে। প্ৰায় ৬ হাজাৰ যুৱক-যুৱতীয়ে অস্ত্ৰ ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি অহাটো নতুন অসমৰ ইতিবাচক পৰিবৰ্তনৰ প্ৰতীক বুলি মন্তব্য কৰে তেওঁ।

ইন্ধন আৰু মূল্যবৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে কোনো ব্যৱসায়ীয়ে যাতে অতিৰিক্ত মূল্য আদায় কৰিব নোৱাৰে তাৰ ওপৰত চৰকাৰে কঠোৰ নজৰ ৰাখিব। আন্তঃৰাষ্ট্ৰীয় যুদ্ধ পৰিস্থিতিৰ প্ৰভাৱৰ পৰা অসমবাসীক সুৰক্ষিত ৰাখিবলৈ চৰকাৰে চেষ্টা অব্যাহত ৰাখিব বুলি আশ্বাস দিয়ে তেওঁ।

ঈদ উপলক্ষে সামাজিক সম্প্ৰীতিৰ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰ বহু মুছলমান লোক গৰু কোৰবানীৰ পৰা বিৰত থাকিব, যাক তেওঁ “নতুন সময়ৰ ৰূপৰেখা” বুলি উল্লেখ কৰে। ধৰ্মীয় চেতনাৰ প্ৰতি সন্মান জনাই গৰু কোৰবানী নিদিবলৈ পুনৰ আহ্বান জনায় তেওঁ।

ইউনিফৰ্ম চিভিল কোড (UCC) সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কয় যে গুজৰাট আৰু উত্তৰাখণ্ডৰ পিছত অসম হৈছে তৃতীয়খন ৰাজ্য যিয়ে UCC বিধেয়ক উত্থাপন কৰিছে। এই পদক্ষেপে বিশেষকৈ সংখ্যালঘু মহিলাসকলৰ জীৱনত নতুন আশা আৰু অধিকাৰ নিশ্চিত কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

ডিজিটেল ডেস্ক, ২৬ মে’

You might also like