আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল নগাঁৱৰ প্ৰজ্ঞাতজ্যোতি
ধাৰাবাহিক ক্ৰীড়াশৈলীৰে পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম সন্তান ৷ সুদক্ষতাৰে পুনৰবাৰ নগাঁওবাসীক গৌৰাৱাম্বিত কৰা এই ছাত্ৰজন হৈছে জিলাখনৰ বেবেজীয়াৰ সমীপৰ বাংথাইস্থিত চেইন্ট জাষ্টিন নামৰ শিক্ষানুষ্ঠানত অধ্যয়নৰত ষষ্ঠ মানৰ ছাত্ৰ প্ৰজ্ঞাত জ্যোতি শইকীয়া।
নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত মুদৈৰ ভাগিন প্ৰজ্ঞাত জ্যোতিয়ে যোৱা ২৩ মে’ৰ পৰা দুুদিনীয়াকৈ নেপালৰ মেছি নগৰৰ জাপাৰ কাকৰভিটাত নেপাল চিট’-ৰিঅ’ কাৰাটে স্কুলৰ ব্যৱস্থাপনাত তথা নেপাল কাৰাটে ড’ ফেডাৰেচন আৰু নেপাল চিট’-ৰিঅ’ কাৰাটে ড’ এছ’চিয়েছনৰ সহযোগত অনুষ্ঠিত হোৱা দ্বাদশ বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় কাৰাটে ছেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি দুটাকৈ পদক বুটলিবলৈ সক্ষম হৈছে ৷
জানিব পৰা মতে, প্ৰজ্ঞাত জ্যোতিয়ে উক্ত প্ৰতিযোগিতাখনিৰ কাটাত ল’ৰাৰ ১০-১১ বছৰ শাখাত সোন আৰু কুমিটেত ল’ৰাৰ ত্ৰিশ কেজিৰ শাখাত ব্ৰঞ্জৰ পদক আজুৰি আনে৷ সৰুৰে পৰা স্কুলীয়া শিক্ষাৰ সমান্তৰালকৈ চিহান পংকজ মুদৈৰ প্ৰশিক্ষণত কাৰাটেত একাগ্ৰতাৰে ব্যস্ত থকা প্ৰজ্ঞাত জ্যোতিয়ে নিজৰ দক্ষতাৰ বলত ইতিপূৰ্বে জিলা আৰু ৰাজ্যিক পৰ্যায়ত কেইবাটাও পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷
তদুপৰি বিগত তিনিটাকৈ বৰ্ষটো নেপালত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় কাৰাটে ছেম্পিয়নশ্বিপত দুটা সোণৰ লগতে দুটাকৈ ৰূপ আৰু ব্ৰঞ্জৰ পদক বুটলি ৰাজ্যলৈ গৌৰব কঢ়িয়াই আনিছিল৷ প্ৰজ্ঞাত জ্যোতিৰ এই ঈষণীয় সফলতাই এতিয়া সমগ্ৰ অসমৰ লগতে নগাঁও জিলাবাসীক গৌৰাম্বিত কৰি তোলাৰ বিপৰীতে বিভিন্নজনে উজ্বল ভৱিষ্যতৰ কামনাৰে শুভেচ্ছা জনাইছে ৷
নিয়মীয়া বাৰ্তা, কামপুৰ, ২৬ মে’